1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।

عن أبي ذر رضي الله عنه قال: قال لي النبي صلى الله عليه وسلم:
«لَا تَحْقِرَنَّ مِنَ الْمَعْرُوفِ شَيْئًا، وَلَوْ أَنْ تَلْقَى أَخَاكَ بِوَجْهٍ طَلْقٍ».

আবু জৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক উদ্দেশ্যি কৈছিলঃ
কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2626

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰিছে। যিকোনো সৎকৰ্মকে তুচ্ছ জ্ঞান কৰা উচিত নহয়; সেয়া পৰিমাণত যিমানেই কম নহওক কিয় বা যিমানেই সৰু নহওক কিয়। আনকি সাক্ষাতৰ সময়ত হাঁহিমুখে সাক্ষাৎ কৰাটোও হৈছে এক প্ৰকাৰ সৎকৰ্ম। গতিকে প্ৰতিজন মুছলিমে এনেকুৱা সৰু-সুৰা সৎকৰ্মৰ বিষয়ে যত্নশীল হোৱা উচিত; কাৰণ ইয়াৰ দ্বাৰা মুছলিম ভাতৃৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি হয় আৰু সাক্ষাতত আনন্দৰ বহি:প্রকাশ ঘটে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুমিনসকলৰ মাজত পৰস্পৰ ভালপোৱা আৰু সাক্ষাতৰ সময়ত হাঁহিমুখে দেখা কৰা আৰু আনন্দিত হোৱাৰ গুৰুত্ব।
  2. চৰীয়তৰ পৰিপূর্ণতা আৰু ব্যাপকতাৰ প্ৰমাণ। এই চৰীয়তে প্ৰত্যেক সেই বিষয়ক অন্তৰ্ভুক্ত কৰিছে যিটোৰ মাজত মুছলিমসকলৰ কল্যাণ আৰু ঐক্য নিহিত আছে।
  3. সৎকৰ্মৰ প্ৰতি উৎসাহিত কৰা হৈছে, যদিও সেয়া পৰিমাণত কম হয়।
  4. কোনো মুছলিম ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত আনন্দ প্ৰকাশ কৰা মুস্তাহাব, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ মাজত আন্তৰিকতা আৰু ভালপোৱা প্ৰকাশ পায়।

অনুবাদ চাওক

68 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
EL Ελληνικά اليونانية
AK Akan الأكانية
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
LN Lingala اللينجالا
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
RN Kirundi الكيروندي
YAO Yao الياو
KMR Kurmancî الكرمنجية