1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ বিপদ যিমান ডাঙৰ হ’ব, প্ৰতিদানও সিমানেই মহান হ’ব। আল্লাহ তা'আলাই যেতিয়া কোনো জাতিক ভাল পায়, তেতিয়া তেওঁলোকক (বিপদত পেলাই) পৰীক্ষা কৰে। যিয়ে সেই বিপদত সন্তুষ্ট থাকিব, তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) সন্তুষ্টি। আৰু যিয়ে ইয়াত অসন্তুষ্ট হ’ব তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) অসন্তুষ্টি।

عن أنس بن مالك رضي الله عنه عن النبي صلى الله عليه وسلم أنه قال: "إن عِظَمَ الجزاءِ مع عِظَمِ البلاءِ، وإن الله تعالى إذا أحب قوما ابتلاهم، فمن رَضِيَ فله الرِضا، ومن سَخِطَ فله السُّخْطُ".

আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰিছে, তেখেতে কৈছেঃ “বিপদ যিমান ডাঙৰ হ’ব, প্ৰতিদানও সিমানেই মহান হ’ব। আল্লাহ তা'আলাই যেতিয়া কোনো জাতিক ভাল পায়, তেতিয়া তেওঁলোকক (বিপদত পেলাই) পৰীক্ষা কৰে। যিয়ে সেই বিপদত সন্তুষ্ট থাকিব, তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) সন্তুষ্টি। আৰু যিয়ে ইয়াত অসন্তুষ্ট হ’ব তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) অসন্তুষ্টি।” ছহীহ - ইয়াক ইবনে মাজাহে বর্ণনা কৰিছে।

ছহীহ (ইবনে মাজাহ) - (তিৰমিজী)

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছত আমাক জনাইছে যে, মুমিন ব্যক্তি বিভিন্ন সময়ত মুচিবতৰ সন্মুখীন হয়, কেতিয়াবা নিজৰ ক্ষেত্ৰত, আকৌ কেতিয়াবা সম্পদৰ ক্ষেত্ৰত অথবা অন্য কোনো ক্ষেত্ৰত। এতেকে যদি তেওঁ সেই বিপদত ধৈৰ্য্য ধাৰণ কৰে তেন্তে আল্লাহ তা‘আলাই তেওঁক সেই বিপদৰ বিনিময়ত ছোৱাব দান কৰে। বিপদাপদ আৰু তাৰ ভয়াৱহতা যিমানেই ডাঙৰ হ’ব আল্লাহৰ ফালৰ পৰা তাৰ ছোৱাব সিমানেই বেছি হ’ব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বর্ণনা কৰিছে যে, নিশ্চয় মুমিনৰ বাবে মুচিবত হৈছে আল্লাহ তা‘আলাৰ ভাল পোৱাৰ নিদর্শন। নিঃসন্দেহে আল্লাহৰ সিদ্ধান্ত আৰু ক্ষমতা দুয়োটাই বাস্তৱায়িত হোৱাটো নিশ্চিত। কিন্তু যি ধৈর্য্য ধাৰণ কৰিব আৰু সন্তুষ্ট থাকিব আল্লাহ তা‘আলাই শীঘ্ৰেই তাক ইয়াৰ প্ৰতিদান দিব। প্ৰতিদান দাতা হিচাপে তেৱেঁই যথেষ্ট। আনহাতে যি ব্যক্তিয়ে আল্লাহৰ ফয়চালা আৰু ক্ষমতাৰ ক্ষেত্ৰত অসন্তুষ্ট থাকিব, আল্লাহ তা‘আলা নিশ্চয় তাৰ ওপৰত অসন্তুষ্ট হ’ব। শাস্তিদাতা হিচাপে তেৱেঁই যথেষ্ট।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিপদাপদ হৈছে গুনাহ মোচনকাৰী, যেতিয়ালৈকে সেই বিপদত কোনো ওৱাজিব লংঘন কৰা নহয়, যেনে ধৈর্যহাৰা হোৱা, অথবা কোনা হাৰাম কামত লিপ্ত হোৱা যেনে কাপোৰ ছিঙা বা গালত চপৰিওৱা আদি।
  2. আল্লাহৰ মৰ্যাদা অনুযায়ী আল্লাহৰ বাবে মুহাব্বতৰ চিফাতটো সাব্যস্ত কৰা।
  3. মু‘মিনৰ বাবে বিপদ-আপদ হৈছে ঈমানৰ আলামত।
  4. আল্লাহৰ মৰ্যাদা অনুযায়ী আল্লাহৰ বাবে সন্তুষ্টি আৰু অসন্তুষ্টিৰ চিফাত সাব্যস্ত কৰা।
  5. আল্লাহৰ ফয়চালা আৰু নিৰ্ধাৰণৰ প্ৰতি সন্তুষ্ট থকা মুস্তাহাব।
  6. আল্লাহৰ ফয়চালা আৰু নিৰ্ধাৰণৰ প্ৰতি অসন্তুষ্ট থকা হাৰাম।
  7. মুচিবতৰ সময়ত ধৈর্য্য ধাৰণৰ প্ৰতি উৎসাহ প্ৰদান কৰা।
  8. মানুহে বহুতো সময়ত কিছুমান বিষয়ক বেয়া বুলি ভাৱে; অথচ সেইটো তাৰ বাবে উত্তম।
  9. আল্লাহৰ বাবে তেওঁৰ কর্মসমূহত হিকমত সাব্যস্ত কৰা।
  10. কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।

অনুবাদ চাওক

28 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
শ্ৰেণীবিন্যাসসমূহ