1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।

عن عمر بن الخطاب رضي الله عنه قال: إنه سمع نبي الله صلى الله عليه وسلم يقول:
«لَو أَنَّكُمْ تَتَوَكَّلُونَ عَلَى اللهِ حَقَّ تَوَكُّلِهِ، لَرَزَقَكُمْ كَمَا يَرْزُقُ الطَّيْرَ، تَغْدُو خِمَاصًا وَتَرُوحُ بِطَانًا».

ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ শুনিছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।

ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ) মুছনাদ আহমদ - 205

ব্যাখ্যা

এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সকলো কৰ্মতে আল্লাহৰ ওপৰত তাৱাক্কুল (ভৰসা) কৰিবলৈ উৎসাহিত কৰিছে। তাৱাক্কুল হৈছে, দ্বীনি আৰু দুনিয়াৱী কামত কল্যাণ লাভ কৰাৰ বাবে আৰু অনিষ্ট দূৰ কৰাৰ বাবে আল্লাহ তা‘আলাৰ ওপৰত নিৰ্ভৰ কৰা। কিয়নো, আল্লাহেই প্ৰদান কৰে, তেৱেঁই বঞ্চিত কৰে, ক্ষতি আৰু উপকাৰ তেওঁৰ ফালৰ পৰাই হয়। গতিকে আমি আল্লাহৰ ওপৰত সঠিকৰূপে ভৰসা কৰি এনেকুৱা উপায় অৱলম্বন কৰিব লাগে যাৰ দ্বাৰা উপকাৰ সাধন হ'ব আৰু বিপদ-আপদ দূৰ হ'ব। এতেকে যেতিয়া আমি এইটো কৰিম তেতিয়া আল্লাহে আমাক সেইদৰেই জীৱিকা দান কৰিব যিদৰে তেওঁ চৰাই-চিৰিকটি বিলাকক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু সন্ধিয়া উদৰ ভৰাই গুচি আহে। চৰাই-চিৰিকটিৰ এই কৰ্মটো হৈছে কোনো ধৰণৰ সংকোচ আৰু অৱহেলা নকৰাকৈ জীৱিকা অৰ্জনৰ অন্যতম এটা উপায়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. তাৱাক্কুলৰ ফজিলত। তাৱাক্কুল হৈছে জীৱিকা উপাৰ্জনৰ মাধ্যমসমূহৰ অন্যতম এটা মাধ্যম।
  2. উপায় অৱলম্বন কৰাটো তাৱাক্কুলৰ পৰিপন্থী নহয়। কাৰণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, প্ৰকৃত তাৱাক্কুল পুৱা গধূলি জীৱিকাৰ অনুসন্ধ্যানত ওলাই যোৱাৰ পৰিপন্থী নহয়।
  3. চৰীয়তে অন্তৰৰ আমলৰ প্ৰতিও গুৰুত্ব প্রদান কৰিছে। কাৰণ, তাৱাক্কুল হৈছে অন্তৰৰ আমল।
  4. অকল উপায় অৱলম্বনৰ ওপৰত নিৰ্ভৰ কৰাটো হৈছে ধৰ্মীয় জ্ঞানৰ অভাৱ। আনহাতে উপায় অৱলম্বন ত্যাগ কৰাটো হৈছে বিবেকৰ অভাৱ।

অনুবাদ চাওক

69 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
EL Ελληνικά اليونانية
AK Akan الأكانية
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
LN Lingala اللينجالا
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
DA Dansk الدنماركية
RN Kirundi الكيروندي
KMR Kurmancî الكرمنجية
MS Bahasa Melayu الملايو