1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«وَالَّذِي نَفْسِي بِيَدِهِ، لَيُوشِكَنَّ أَنْ يَنْزِلَ فِيكُمْ ابْنُ مَرْيَمَ حَكَمًا مُقْسِطًا، فَيَكْسِرَ الصَّلِيبَ، وَيَقْتُلَ الخِنْزِيرَ، وَيَضَعَ الجِزْيَةَ، وَيَفِيضَ المَالُ حَتَّى لاَ يَقْبَلَهُ أَحَدٌ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 2222

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, অচিৰেই ঈছা ইবনে মৰিয়ম আলাইহিচ্ছাম অৱতৰণ কৰিব, আৰু মানুহৰ মাজত তেওঁ চৰীয়তে মুহাম্মদী মুতাবিক ন্যায়ৰ সৈতে শাসন কৰিব। লগতে তেওঁ, সেই ক্ৰচ ভাঙি পেলাব যিটোক খ্ৰীষ্টানসকলে সন্মান কৰে। ঈছা আলাইহিচ্ছালামে গাহৰি বধ কৰিব। কৰ নিঃশেষ কৰিব আৰু সকলো লোককে ইছলাম গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। সেই সময়ত ধন-সম্পদ ইমানেই বৃদ্ধি পাব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছুক নহ'ব। কাৰণ তেতিয়া সকলোৰে হাতত অধিক পৰিমান সম্পদ থাকিব, বৰকত আৰু কল্যাণ অবিৰামভাৱে অৱতৰণ কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৰ দ্বাৰা এই কথা প্ৰমাণিত যে, শেষ জামানাত ঈছা আলাইহিচ্ছালাম অৱতৰণ কৰিব। তেওঁৰ অৱতৰণ হৈছে ক্বিয়ামতৰ এটা ডাঙৰ নিদৰ্শন।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰীয়তক কোনো বিধানেই ৰহিত কৰিব নোৱাৰিব।
  3. শেষ জামানাত সম্পদত অতিমাত্ৰা বৰকত নাজিল হ'ব, আনকি সম্পদৰ পৰা মানুহৰ ইচ্ছা নাইকীয়া হৈ যাব।
  4. হাদীছটোত এই সুসংবাদ দিয়া হৈছে যে, দ্বীনে ইছলাম অৱশিষ্ট থাকিব, আৰু শেষ জামানাত ঈছা আলাইহিচ্ছালাম এই চৰীয়ত মতেই শাসন কৰিব।

অনুবাদ চাওক

58 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية