1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।

عَنِ شُرَيْحٍ بنِ هانِئٍ قَالَ:
سَأَلْتُ عَائِشَةَ، قُلْتُ: بِأَيِّ شَيْءٍ كَانَ يَبْدَأُ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا دَخَلَ بَيْتَهُ؟ قَالَتْ: بِالسِّوَاكِ.

শ্বুৰাইহ বিন হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 253

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো আদৰ্শ আছিল যে, তেখেতে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল, দিনতে হওক অথবা ৰাতিত, তেতিয়া তেখেতে প্ৰথমে মিছৱাক কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সকলো সময়তে মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। চৰীয়তে বিশেষভাৱে গুৰুত্ব দিয়া কেইটামান সময় হৈছেঃ ঘৰত প্ৰৱেশ কৰাৰ সময়ত, নামাজৰ সময়ত, অজু কৰাৰ সময়ত, টোপনিৰ পৰা উঠাৰ পিছত, মুখৰ গোন্ধ পৰিবৰ্তন হ'লে।
  2. তাবেয়ীনসকল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অৱস্থা আৰু তেখেতৰ ছুন্নত সম্পৰ্কে জানিবলৈ খুবেই আগ্ৰহী আছিল, সেয়ে তেওঁলোকে সেইমতে আমল কৰিবলৈ এইবোৰ বিষয়ত প্ৰশ্ন কৰিছিল।
  3. জ্ঞান সেইসকল লোকৰ পৰা অৰ্জন কৰা উচিত, যিসকল এই ক্ষেত্ৰত বিশেষজ্ঞ তথা অধিক জ্ঞানী। সেয়ে তেওঁ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিছিল যে, তেখেতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত তেখেতৰ অৱস্থা কি আছিল।
  4. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পৰিয়ালৰ লোকৰ সৈতে সৰ্বোত্তম ব্যৱহাৰ কৰিছিল। সেয়ে তেখেতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত প্ৰথমে মুখ পৰিষ্কাৰ কৰিছিল।

অনুবাদ চাওক

50 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية