1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ (প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব।

عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال:
«كان رجلٌ يُدَايِنُ الناسَ، فكان يقول لفتاه: إذا أتيتَ مُعسِرًا فتجاوز عنه، لعل اللهَ يَتجاوزُ عنا، فلقي اللهَ فتجاوز عنه».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, তেতিয়া আল্লাহে তেওঁক ক্ষমা কৰি দিলে।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1562

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে, যিয়ে মানুহক ঋণ দিছিল অথবা বয়-বস্তু বাকী দিছিল। তেওঁ নিজৰ সেই কৰ্মচাৰীক নিৰ্দেশ দিছিল, যিয়ে মানুহৰ পৰা ঋণ ঘূৰাই অনা কৰ্মত নিয়োজিত আছিলঃ যেতিয়া তুমি কোনো এনেকুৱা ঋণগ্ৰহীতাৰ ওচৰলৈ যাবা যিয়ে ঋণ পৰিশোধ কৰিবলৈ সক্ষম নহয়, তেন্তে তাক আওকাণ কৰিবা। অৰ্থাৎ হয় তাক অৱকাশ দিবা, নাইবা তাক ঋণ পৰিশোধ কৰিবলৈ বাধ্য নকৰাবা। অথবা সেইখিনি লৈ লবা, যিখিনি দিবলৈ সি সক্ষম। এইটো তেওঁ এই কাৰণে কৰিবলৈ কৈছিল যে, হয়তো আল্লাহে ইয়াৰ ফলত তাক ক্ষমা কৰিব। অৱশেষত সেই ব্যক্তি যেতিয়া মৃত্যুবৰণ কৰিলে, আল্লাহে তাক ক্ষমা কৰি দিলে আৰু তাৰ সকলো গুনাহ মাৰ্জনা কৰিলে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মানুহৰ লগত সদাচৰণ কৰা, সিহঁতক ক্ষমা কৰা, সিহঁতৰ মাজৰ অভাৱী দৰিদ্ৰসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰা আদি হৈছে কিয়ামতৰ দিনা মুক্তি লাভ কৰাৰ অন্যতম কাৰণ।
  2. সকলো সৃষ্টিৰ সৈতে সদাচৰণ কৰা, আল্লাহৰ বাবে ইখলাচ অৱলম্বন কৰা আৰু তেওঁৰ ওচৰত ৰহমত আশা কৰা আদি হৈছে গুনাহ মাফ হোৱাৰ অন্যতম কাৰণ।

অনুবাদ চাওক

68 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
EL Ελληνικά اليونانية
AK Akan الأكانية
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
LN Lingala اللينجالا
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
DA Dansk الدنماركية
RN Kirundi الكيروندي
KMR Kurmancî الكرمنجية
MS Bahasa Melayu الملايو