عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ رَضِيَ اللَّهُ عَنْهُما قَالَ:
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي سَفَرٍ، فَرَأَى زِحَامًا وَرَجُلًا قَدْ ظُلِّلَ عَلَيْهِ، فَقَالَ: «مَا هَذَا؟»، فَقَالُوا: صَائِمٌ، فَقَالَ: «لَيْسَ مِنَ البِرِّ الصَّوْمُ فِي السَّفَرِ»، وَفِي لَفْظٍ لِمُسلِمٍ: «عَلَيْكُمْ بِرُخْصَةِ اللهِ الَّذِي رَخَّصَ لَكُمْ».

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ছফৰত আছিল, হঠাৎ তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনে সিহঁতৰ ছাঁত বিশ্ৰাম লৈছে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা অৱস্থাত আছে। তেতিয়া তেখেতে ক'লেঃ "ছফৰত চওম পালন কৰাটো কোনো ছোৱাবৰ কাম নহয়।" মুছলিমৰ বৰ্ণনাত আছে যে, "মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 1946

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনক সিহঁতে প্ৰচণ্ড ৰ'দৰ পৰা ছাঁ কৰি আছে, যাতে অধিক পিয়াহ নালাগে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা ৰাখিছে। তেতিয়া তেখেতে ক'লেঃ ছফৰত ৰোজা ৰখাটো কোনো ছোৱাবৰ কাম নহয়। মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত বুজোৱা হৈছে যে, ইছলামী চৰীয়ত অত্যন্ত সহজ।
  2. ভ্ৰমণ অৱস্থাত ৰোজা ৰখা আৰু নৰখা দুয়োটাই বৈধ।
  3. কিন্তু যদি ভ্ৰমণত ৰোজা ৰখাটো কষ্টদায়ক হয় তেন্তে এনে অৱস্থাত ৰোজা ৰখাটো হৈছে মাকৰূহ (অপছন্দনীয়)। আনহাতে এই কষ্টত যদি মৃত্যু হোৱাৰ আশংকা থাকে, তেন্তে এনেকুৱা অৱস্থাত ৰোজা ৰখাটো হৈছে হাৰাম।
  4. ইমাম নাৱাৱীয়ে কৈছেঃ "ভ্ৰমণত ৰোজা ৰখাটো কোনো ছোৱাবৰ কাম নহয়।" ইয়াৰ অৰ্থ হৈছেঃ যদি ভ্ৰমণত ৰোজা ৰখা কষ্টদায়ক হয় আৰু ক্ষতিৰ আশংকা থাকে। হাদীছটোৰ প্ৰেক্ষাপটে এই ব্যাখ্যাই প্ৰমাণ কৰে।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবাসকলৰ প্ৰতি অত্যন্ত যত্নৱান আছিল আৰু সদায় তেওঁলোকৰ খা-খবৰ ৰাখিছিল।

অনুবাদ চাওক

33 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية