1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَا تَقَدَّمُوا رَمَضَانَ بِصَوْمِ يَوْمٍ وَلَا يَوْمَيْنِ إِلَّا رَجُلٌ كَانَ يَصُومُ صَوْمًا فَلْيَصُمْهُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1082

ব্যাখ্যা

সাৱধানতাৰ দুহাই দি ৰমাজান মাহৰ এদিন অথবা দুদিন আগৰ পৰা ৰোজা ৰাখিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। কাৰণ ৰমাজানৰ ৰোজাৰ সম্পৰ্ক হৈছে নতুন জোন দেখাৰ সৈতে জৰিত। ইয়াৰ বাবে কৃত্ৰিমতাৰ কোনো প্ৰয়োজন নাই। কিন্তু যদি কোনোবাই এনেকৈ অভ্যস্ত থাকে যে, তেওঁ এদিন ৰোজা ৰাখে এদিন এৰি দিয়ে, অথবা যদি কোনোবাই সোমবাৰ আৰু বৃহস্পতিবাৰৰ ৰোজা নিয়মীয়াকৈ ৰাখে, তেনেকুৱা লোকে যদি এনেকুৱা বাৰৰ সন্মুখীন হয় তেন্তে কোনো অসুবিধা নাই, ৰোজা ৰাখিব পাৰে। ৰমাজানক আঁদৰিবলৈ কোনো ৰোজা নাই। এইদৰে যদি কোনোবাই এইদিনবোৰত কাজা ৰোজা কৰে অথবা মান্নতৰ ৰোজা কৰে তেন্তে কৰিব পাৰে, তাত কোনো অসুবিধা নাই।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কৃত্ৰিমতাৰ পৰা নিষেধ কৰা হৈছে। ইবাদত সেইদৰেই পালন কৰিব লাগে যিদৰে চৰীয়তে প্ৰণয়ন কৰিছে, ইয়াত বৃদ্ধি কৰাও ঠিক নহয় আৰু হ্ৰাস কৰাও ঠিক নহয়।
  2. ইয়াৰ অন্যতম এটা হিকমত এইটো হ'ব পাৰে যে, -যদিও আল্লাহেই সৰ্বজ্ঞ- ফৰজ আৰু নফলৰ মাজত পাৰ্থক্য কৰিবলৈ এই নিৰ্দেশনা দিয়া হৈছে। আনহাতে ৰমাজানৰ বাবে সক্ৰিয়তা আৰু উৎসাহ উদ্দীপনাৰ জৰিয়তে প্ৰস্তুতি ল'ব লাগে। যাতে ৰোজাক এই ফজীলপূৰ্ণ মাহৰ অন্যতম প্ৰতীক হিচাপে গণ্য কৰা হয়।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية