1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. জীৱনী আৰু ইতিহাস

হাদীছ মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه أَنَّ رَسُولَ اللهِ صلَّى الله عليه وسلم قال:
«ما مِنْ أحَدٍ يُسلِّمُ علي إلا ردَّ اللهُ عليَّ رُوحي حتى أردَّ عليه السَّلامَ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।"

ইয়াৰ চনদ হাছান পৰ্যায়ৰ (আবু দাঊদ, আহমদ) ছুনান আবি দাঊদ - 2041

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাই যে, যেতিয়া তেখেতক কোনোবাই ছালাম কৰে দূৰৰ পৰাই হওক বা ওচৰৰ পৰা তেতিয়া তেখেতৰ প্ৰাণ ওভোতাই দিয়া হয়। জানি থোৱা উচিত যে, বাৰঝাখী জীৱন আৰু কবৰৰ বিষয়টো হৈছে অদৃশ্য বিষয়। ইয়াৰ বাস্তৱতা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। একমাত্ৰ তেৱেঁই সকলো ক্ষেত্ৰত ক্ষমতাৱান।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি বেছি বেছি দৰূদ আৰু ছালাম প্ৰেৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰৰ জীৱন হৈছে বাৰঝাখৰ পূৰ্ণাংগ জীৱন। আল্লাহৰ বাহিৰে আন কোনেও এই জীৱনৰ বাস্তৱতা সম্পৰ্কে নাজানে।
  3. হাদীছটো সেইসকল লোকৰ সপক্ষে কোনো প্ৰমাণ নহয়, যিসকলে কয় যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ জীৱনৰ দৰেই জীৱিত। যাতে শ্বিৰ্কত লিপ্ত ব্যক্তিসকলে ইয়াক প্ৰমাণ হিচাপে গ্ৰহণ কৰি ইস্তিগাছাৰ প্ৰমাণ দাঙি ধৰিব নোৱাৰে। বৰং এইটো হৈছে বাৰঝাখী জীৱন।

অনুবাদ চাওক

51 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية