1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেওঁ পথৰ মাজত এটা কাঁইটযুক্ত গছৰ ডাল পৰি থকা দেখা পালে আৰু তেওঁ সেইটোক আঁতৰাই দিলে, মহান আল্লাহে তেওঁৰ সেই কামটোৰ বিনিময়ত তেওঁক ক্ষমা কৰি দিলে।

عَنْ أَبِي هُرَيْرَةَ رَضيَ اللهُ عنهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«بَيْنَمَا رَجُلٌ يَمْشِي بِطَرِيقٍ وَجَدَ غُصْنَ شَوْكٍ عَلَى الطَّرِيقِ فَأَخَّرَهُ، فَشَكَرَ اللَّهُ لَهُ فَغَفَرَ لَهُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেওঁ পথৰ মাজত এটা কাঁইটযুক্ত গছৰ ডাল পৰি থকা দেখা পালে আৰু তেওঁ সেইটোক আঁতৰাই দিলে, মহান আল্লাহে তেওঁৰ সেই কামটোৰ বিনিময়ত তেওঁক ক্ষমা কৰি দিলে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1914

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেনেতে তেওঁ ৰাস্তাৰ মাজত এডাল কাঁইট যুক্ত ঠাৰি দেখা পালে, যিটোৰ দ্বাৰা পথচাৰীয়ে আঘাত পোৱাৰ সম্ভাৱনা আছে, সেয়ে তেওঁ সেই ঠাৰি ডাল পথৰ পৰা আঁতৰাই দিলে। তেওঁৰ এই কামটোক আল্লাহে পছন্দ কৰিলে আৰু তেওঁক ক্ষমা কৰি দিলে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত পথৰ পৰা কষ্টকৰ বস্তু আঁতৰাই দিয়াৰ গুৰুত্ব বৰ্ণিত হৈছে, লগতে এইটো হৈছে আল্লাহৰ ওচৰত মাগফিৰাত লাভৰ উপায়।
  2. নেক কৰ্মক কেতিয়াও তুচ্ছ জ্ঞান কৰা উচিত নহয়। যদিও সেয়া পৰিমাণত কম নহওক কিয়।
  3. ইছলাম হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ধৰ্ম, তথা পৰিৱেশ আৰু সৰ্বসাধাৰণ লোকৰ নিৰাপত্তাৰ ধৰ্ম।

অনুবাদ চাওক

39 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
KN ಕನ್ನಡ কান্নাড়া
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية