1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।

عَنْ ‌أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا وَجَدَ أَحَدُكُمْ فِي بَطْنِهِ شَيْئًا، فَأَشْكَلَ عَلَيْهِ أَخَرَجَ مِنْهُ شَيْءٌ أَمْ لَا، فَلَا يَخْرُجَنَّ مِنَ الْمَسْجِدِ حَتَّى يَسْمَعَ صَوْتًا، أَوْ يَجِدَ رِيحًا».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 362

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি কোনো মুচল্লীৰ পেটত কিবা অনুভৱ হোৱাৰ পিছত সি সন্দেহত পতিত হয় যে, কিবা ওলালেই নেকি? তেনেকুৱা ব্যক্তিয়ে কেৱলমাত্ৰ সন্দেহৰ বশৱৰ্তী হৈ নামাজ ভংগ কৰি পুনৰ অজু কৰাৰ প্ৰয়োজন নাই। কিন্তু হয়, যদি অজু ভংগ হৈছে বুলি সি নিশ্চিত হয় তেন্তে বিষয়টো সুকীয়া। অৰ্থাৎ যদি বায়ু ওলোৱাৰ শব্দ পায়, অথবা গোন্ধ পায়। কিয়নো সন্দেহৰ বশৱৰ্তী হৈ য়াক্বীনক নাকচ কৰিব নোৱাৰি। যিহেতু সি যে অজু কৰিছে এইটো নিশ্চিত, কিন্তু অজু ভংগ হৈছে নে নাই এইটোহে সন্দেহযুক্ত।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই হাদীছটো হৈছে ইছলামৰ এটা মৌলিক বিষয়ৰ উৎস আৰু ফিকাহৰ এটা অন্যতম নীতি। সেয়া হৈছে এই যে, সন্দেহৰ বশৱৰ্তী হৈ কেতিয়াও য়াক্বীনক নাকচ কৰিব নোৱাৰি। মূল হৈছে পূৰ্বৱৰ্তী অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত থকা, যেতিয়ালৈকে ইয়াৰ বিপৰীত কোনো বিষয় নিশ্চিত নহয়।
  2. সন্দেহে কেতিয়াও পৱিত্ৰতাত প্ৰভাৱ পেলাব নোৱাৰে। সেয়ে মুচল্লীয়ে অজু ভংগ হোৱাৰ বিষয়ে নিশ্চিত নোহোৱালৈকে নিজৰ পৱিত্ৰতাৰ ওপৰতে নিশ্চিত থকা উচিত।

অনুবাদ চাওক

60 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية