1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা পানীৰ দ্বাৰা ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে অজু সম্পন্ন কৰিছিল।

عَنْ سَفِينَةَ رَضيَ اللهُ عَنْهُ قَالَ:
كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُغَسِّلُهُ الصَّاعُ مِنَ المَاءِ مِنَ الجَنَابَةِ، وَيُوَضِّئُهُ المُدُّ.

ছাফীনাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা পানীৰ দ্বাৰা ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে অজু সম্পন্ন কৰিছিল।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 326

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা' পানীৰে ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে তেখেতে অজু কৰিছিল। চাৰি মুদ পৰিমাণক এক ছা বোলে, আনহাতে এক মুদ হৈছেঃ এজন সাধাৰণ মানুহৰ দুয়ো হাত এক লগ কৰি সেই আয়তনত যিমানখিনি বস্তু আহে তাক এক মুদ বোলে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. অজু আৰু গোছলৰ সময়ত পানী যিমান পাৰে কমাই ব্যৱহাৰ কৰিব লাগে, উভৈনদী পানী থাকিলেও অপচয় কৰা উচিত নহয়।
  2. প্ৰয়োজন অনুপাতে অজু আৰু গোছলৰ সময়ত পানী কমাই ব্যৱহাৰ কৰা মুস্তাহাব। এইটোৱে হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শ।
  3. দৰাচলতে ইয়াৰ দ্বাৰা বুজোৱা হৈছে অজু আৰু গোছলৰ ক্ষেত্ৰত ছুন্নত আৰু অন্যান্য নীতি-নিয়ম পালন কৰি আৰু সময়ৰ প্ৰতি মনোযোগ দি পানীৰ অপচয় নকৰাকৈ পৰিপূৰ্ণৰূপে অজু আৰু গোছল কৰা।
  4. বীৰ্য্য স্খলন অথবা যৌনমিলনৰ পিছৰ অৱস্থাক জানাবত বুলি কোৱা হয়। জানাবত বুলি এইকাৰণে নামকৰণ কৰা হৈছে যে, (আৰবীত ইজতিনাব মানে বিৰত থকা, সেয়ে) যিয়ে এই অৱস্থাত থাকে তেওঁ পৱিত্ৰতা অৰ্জন নকৰালৈকে নামাজ আৰু অন্যান্য ইবাদত কৰিব নোৱাৰে (অৰ্থাৎ বিৰত থাকিব লাগে)।
  5. ছা হৈছে এটা পৰিচিত পৰিমাপ। ইয়াৰ দ্বাৰা নবৱী ছাক বুজোৱা হৈছে। ইয়াৰ ওজন হৈছে ৪৮০ মিছকাল উন্নতমানৰ ঘেঁহুৰ সমান। লিটাৰ পাত্ৰ অনুসৰি তিনি লিটাৰ আয়তনৰ এটা পাত্ৰৰ সমান।
  6. মুদ হৈছে চৰীয়তি পৰিমাপৰ একক। ইয়াৰ পৰিমাণ হৈছে এজন সাধাৰণ মানুহৰ দুয়ো হাত একেলগ কৰি প্ৰসাৰিত কৰি তাত যিমানখিনি বস্তু আহে সেইখিনিক এক মুদ বোলে। ফুকাহাসকল এই কথাত একমত যে, মুদ হৈছে এক ছা'ৰ চাৰি ভাগৰ এভাগ। গতিকে এক মুদ সমান ৭৫০ মিলি লিটাৰ।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية