1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল।

عَنْ عَائِشَةَ أُمِّ المؤمنين رضي الله عنها قَالَتْ:
كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا اغْتَسَلَ مِنَ الجَنَابَةِ، غَسَلَ يَدَيْهِ، وَتَوَضَّأَ وُضُوءَهُ لِلصَّلاَةِ، ثُمَّ اغْتَسَلَ، ثُمَّ يُخَلِّلُ بِيَدِهِ شَعَرَهُ، حَتَّى إِذَا ظَنَّ أَنَّهُ قَدْ أَرْوَى بَشَرَتَهُ، أَفَاضَ عَلَيْهِ المَاءَ ثَلاَثَ مَرَّاتٍ، ثُمَّ غَسَلَ سَائِرَ جَسَدِهِ، وَقَالَتْ: كُنْتُ أَغْتَسِلُ أَنَا وَرَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مِنْ إِنَاءٍ وَاحِدٍ، نَغْرِفُ مِنْهُ جَمِيعًا.

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল। ইয়াৰ পিছত তেখেতে হাতেৰে চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছাল পৰ্যন্ত ঢুকি পাইছে তেতিয়া তেখেতে গোটেই শৰীৰত তিনিবাৰ পানী ঢালিছিল। তাৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। লগতে তেওঁ কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম একে পাত্ৰৰ পৰা পানীলৈ একেলগে গা ধুইছিলোঁ।

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 272

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানাবতৰ গোছল কৰাৰ সময়ত প্ৰথমে দুয়োখন হাত ঘঁহি ঘঁহি ধুই লৈছিল। ইয়াৰ পিছত তেখেতে নামাজৰ অজুৰ দৰে অজু কৰিছিল। ইয়াৰ পিছত দুয়ো হাতেৰে মূৰৰ চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছালৰ গুৰিলৈকে ঢুকি পাইছে তেতিয়া তেখেতে মূৰত তিনিবাৰ পানী ঢালিছিল, ইয়াৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। এইখিনি বৰ্ণনা কৰাৰ পিছত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এখন পাত্ৰৰ পৰাই পানীলৈ গোছল কৰিছিলোঁ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গোছল দুই প্ৰকাৰঃ পৰ্যাপ্ত গোছল আৰু পৰিপূৰ্ণ গোছল। পৰ্যাপ্ত গোছল কোৱা হয়, কুলি আৰু নাক চাফ কৰি পৰিস্কাৰ পৰিচ্ছন্নতাৰ উদ্দেশ্যে গোটেই শৰীৰত পানী ঢালি গোছল কৰা। আনহাতে পৰিপূৰ্ণ গোছল হৈছে সেইদৰে গোছল কৰা, যিদৰে এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোছল কৰিছিল বুলি বৰ্ণিত হৈছে।
  2. জানাবাত কোৱা হয় বীৰ্য স্খলিত হোৱা অৱস্থাক, যি উপায়েৰেই হওক। স্ত্ৰী সহবাসৰ কাৰণে হওক বা বেয়া সপোন দেখাৰ ফলত। আনহাতে স্ত্ৰীৰ সৈতে মিলন কৰাৰ পিছত বীৰ্যস্খলন নহ'লেও সেইটোক জানাবাত বুলি কোৱা হয়।
  3. স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ গোপন অংগত দৃষ্টিপাত কৰাত কোনো অসুবিধা নাই আৰু এইদৰে একে পাত্ৰৰ পৰা পানীলৈ একেলগে গোছল কৰাতো কোনো বাধা নাই।

অনুবাদ চাওক

59 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية