1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللهُ عَنْهُ أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ:
«إِذَا جَاءَ رَمَضَانُ فُتِّحَتْ أَبْوَابُ الْجَنَّةِ، وَغُلِّقَتْ أَبْوَابُ النَّارِ، وَصُفِّدَتِ الشَّيَاطِينُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1079

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ৰমাজান মাহ আৰম্ভ হোৱাৰ লগে লগে তিনিটা বিষয় সংঘটিত হয়। প্ৰথমঃ জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, কোনো দুৱাৰেই বন্ধ নাথাকে। দ্বিতীয়ঃ জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, কোনো দুৱাৰেই খোলা নাথাকে। তৃতীয়ঃ চয়তান আৰু স্বৈৰাচাৰী জিনবোৰক শিকলিৰে বান্ধি থোৱা হয়। সিহঁতক এৰি দিয়া নহয়, যিদৰে ৰমাজানৰ বাহিৰত সিহঁতক এৰি থৈ দিয়া হয়। এইবোৰ সংঘটিত হয় কেৱল এই মাহৰ সন্মানৰ কাৰণে। লগতে আমলকাৰীসকলক উৎসাহিত কৰাৰ কাৰণে। যাতে বেছি বেছি নেক কাম কৰিব পাৰে, নামাজ, চাদাক্বাহ, জিকৰ-আজকাৰ আৰু কোৰআন তিলাৱত আদি কৰিব পাৰে। এইদৰে গুনাহ আৰু পাপকৰ্মৰ পৰা বিৰত থাকিব পাৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰমাজান মাহৰ ফজীলত।
  2. ৰোজাদাৰসকলক সুসংবাদ দিয়া হৈছে যে, এইটো হৈছে বৰকতময় মাহ, তথা কল্যাণ আৰু ইবাদতৰ ঋতু।
  3. ৰমাজানত চয়তানক শিকলিবদ্ধ কৰি চৰীয়তৰ অধীনস্থ ব্যক্তিসকলক এই ইংগিত দিয়া হৈছে যে, ওজৰ-আপত্তিৰ কোনো সুযোগ নাই। তথা এক প্ৰকাৰ ঘোষণা কৰা হৈছে যে, চয়তানক আৱদ্ধ কৰি ৰখা হৈছে, গতিকে ইবাদতৰ পৰা আঁতৰি থকাৰ কোনো বাহনা নচলিব, লগতে গুনাহ কৰাৰো কোনো বাহনা নচলিব।
  4. কুৰতুবীয়ে কৈছেঃ যদি এই প্ৰশ্ন কৰা হয় যে, ৰমাজান মাহতো আমি পাপকৰ্ম আৰু অসৎ কাম কৰা দেখিবলৈ পাওঁ কিয়, যদি সঁচাই এই সময়ছোৱাত চয়তানক শিকলিবদ্ধ কৰি থোৱা হয়, তেন্তে এইবোৰ সংঘটিত হ'ব নালাগিছিল? তেন্তে ইয়াৰ উত্তৰ হ'ব: পাপকৰ্ম কেৱল সেইসকল ৰোজাদাৰৰ বাবে হ্ৰাস হয়, যিসকলে ৰোজাৰ সকলো চৰ্ত পূৰণ কৰে আৰু সঠিক নিয়ম-নীতি মতে ৰোজা পালন কৰে। অথবা ইয়াৰ উত্তৰ এইটোও হ'ব পাৰে যে, কেৱল কিছুমান চয়তানকহে শিকলিবদ্ধ কৰা হয়, বিশেষকৈ স্বৈৰাচাৰী ডাঙৰ চয়তানক (মাৰাদাক) শিকলিবদ্ধ কৰি থোৱা হয়, সকলো চয়তানক নহয়, এই কথা কেইবাটাও বৰ্ণনাত উল্লেখ হৈছে। ইয়াৰ উত্তৰ এইটোও হ'ব পাৰে যে, ৰমাজানত পাপকৰ্ম তথা অসৎ কৰ্মবোৰ অন্যান্য মাহৰ তুলনাত কম হয়, এইটো এটা বাস্তৱ সত্য। এনেকুৱা কেতিয়াও নহয় যে, সকলো চয়তানক আৱদ্ধ কৰিলেই পাপকৰ্ম তথা গুনাহ একেবাৰে নাইকিয়া হৈ যাব, কিয়নো ইয়াৰ মূল কাৰণ কেৱল চয়তানেই নহয়, অন্তৰৰ কুঃপৰিকল্পনা, বেয়া অভ্যাস আৰু মানুহৰ মাজত থকা চয়তানবোৰো হৈছে এইবোৰৰ অন্যতম এটা কাৰণ।

অনুবাদ চাওক

43 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية