1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি? তেখেতে ক’লেঃ এই কথা কোৱা: হে আল্লাহ! তোমাৰ কল্যাণৰ বাহিৰে আন কোনো কল্যাণ নাই, আৰু তোমাৰ অকল্যাণৰ বাহিৰে আন কোনো অকল্যাণ নাই, লগতে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

عن عبد الله بن عمرو بن العاص - رضي الله عنه- مرفوعاً: "مَن ردته الطِّيَرَة عن حاجته فقد أشرك، قالوا: فما كفارة ذلك؟ قال: أن تقول: اللهم لا خير إلا خيرك، ولا طَيْرَ إِلَّا طَيْرُكَ ولا إله غيرك".

আব্দুল্লাহ ইবনে আমৰ ইবনিল ‘আচ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, “যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি? তেখেতে ক’লেঃ এই কথা কোৱা: হে আল্লাহ! তোমাৰ কল্যাণৰ বাহিৰে আন কোনো কল্যাণ নাই, আৰু তোমাৰ অকল্যাণৰ বাহিৰে আন কোনো অকল্যাণ নাই, লগতে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।” ছহীহ – এই হাদীছটোক আহমদে বর্ণনা কৰিছে।

ছহীহ (আহমদ)

ব্যাখ্যা

এই হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক জনাইছে যে, অশুভ লক্ষণক কেন্দ্ৰ কৰি যিয়ে নিজৰ সিদ্ধান্ত বাস্তৱায়নৰ পৰা বিৰত থাকে, সি এক প্ৰকাৰ শ্বিৰ্কত লিপ্ত হয়। যেতিয়া চাহাবাসকলে এই কবীৰাহ গুনাহৰ কাফফাৰা সম্পৰ্কে সুধিলে, তেতিয়া তেখেতে তেওঁলোকক হাদীছত বৰ্ণিত বাক্যবোৰ পঢ়িবলৈ নির্দেশনা দিলে, যিবোৰ বাক্যত যাৱতীয় কৰ্ম আল্লাহৰ ওচৰলৈ অৰ্পন কৰা হৈছে, লগতে তেওঁৰ ক্ষমতাৰ বাহিৰে আন কাৰো ক্ষমতা নাই বুলি কোৱা হৈছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. অশুভ লক্ষণে যাক নিজৰ প্ৰয়োজনৰ পৰা বিৰত ৰাখে সি দৰাচলতে শ্বিৰ্ক কৰে।
  2. মুশ্বৰিকৰ তাওবা গ্রহণযোগ্য।
  3. যি ব্যক্তিয়ে অশুভ লক্ষণ বিশ্বাস কৰি ভুল কৰিছে সেই ব্যক্তিয়ে কি পাঠ কৰিলে প্ৰতিকাৰ পাব তাৰ দিগ-নির্দেশনা দিয়া হৈছে।
  4. ভাল আৰু বেয়া আল্লাহৰ ফালৰ পৰা নির্ধাৰিত।

অনুবাদ চাওক

27 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান