1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ আল্লাহৰ বাণী: (অর্থ) “তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা, লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক।” ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাই এই বিষয়ে কৈছেঃ এইবোৰ হৈছে নূহ সম্প্রদায়ৰ পূণ্যৱান লোকসকলৰ নাম।

عن ابن عباس رضي الله عنهما في قول الله تعالى : (وَقَالُوا لا تَذَرُنَّ آلِهَتَكُمْ وَلا تَذَرُنَّ وَدًّا وَلا سُوَاعًا وَلا يَغُوثَ وَيَعُوقَ وَنَسْرًا) قال: "هذه أسماء رجال صالحين من قوم نوح، فلما هَلَكوا أَوحى الشَّيطان إلى قَومِهِم أنِ انْصِبُوا إلى مَجَالِسِهِم الَّتي كانوا يَجْلِسون فيها أنصَابًا، وسَمُّوها بأسمَائِهِم، فَفَعَلُوا، ولم تُعْبَد، حتَّى إِذَا هَلَك أُولئك ونُسِيَ العلم عُبِدت".

ইবনু আব্বাছ ৰাদিয়াল্লাহ আনহুমাৰ পৰা বৰ্ণিত, “আল্লাহৰ বাণী: (অর্থ) “তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা, লগতে পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক।” ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাই এই বিষয়ে কৈছেঃ এইবোৰ হৈছে নূহ সম্প্রদায়ৰ পূণ্যৱান লোকসকলৰ নাম। এই লোকসকল মৃত্যুবৰণ কৰাৰ পিছত চয়তানে তেওঁলোকৰ সম্প্ৰদায়ক বুদ্ধি দিলে যে, তোমালোকে তেওঁলোকৰ বৈঠকৰ স্থানত মূৰ্ত্তি নিৰ্মাণ কৰা আৰু সেইবোৰক তেওঁলোকৰ নামেৰে নামকৰণ কৰা। সিহঁতে সেইটোৱে কৰিলে, কিন্তু উপাসনা কৰা নাছিল। কিন্তু যেতিয়া এই লোকসকল মৃত্যুবৰণ কৰিলে আৰু ইল্ম পাহৰি গ’ল তেতিয়া সেই মূৰ্ত্তিবোৰৰ ইবাদত কৰা আৰম্ভ হ’ল। ছহীহ – এই হাদীছটোক বুখাৰীয়ে বর্ণনা কৰিছে।

ছহীহ (বুখাৰী)

ব্যাখ্যা

ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই গুৰুত্বপূর্ণ এই আয়াতটোৰ তাফছীৰ কৰি কৈছে যে, আল্লাহে উল্লেখ কৰা এই উপাস্যবোৰ হৈছে সেইসকল উপাস্য, যিবোৰৰ উপাসনা কৰিবলৈ নূহ সম্প্ৰদায়ে ইজনে সিজনক উপদেশ দিছিল, অথচ সিহঁতৰ নবী নূহ আলাইহিচ্ছালামে ইতিপূৰ্বে সিহঁতক বাৰে বাৰে শ্বিৰ্কৰ পৰা বিৰত থাকিবলৈ কৈ গৈছিল। দৰাচলতে এইবোৰ হৈছে সিহঁতৰ মাজৰ কিছুমান পূণ্যৱান লোকসকলৰ নাম। চয়তানে সিহঁতক কু-মন্ত্রণা দিয়াৰ ফলত সিহঁতে তেওঁলোকৰ বিষয়ে সীমালংঘন আৰম্ভ কৰিলে। আনকি সিহঁতে তেওঁলোকৰ প্ৰতিকৃতি নির্মাণ কৰিলে। অৱশেষত এই প্ৰতিকৃতিবোৰ এটা সময়ত মূৰ্ত্তিত পৰিণত হ’ল, যিবোৰক আল্লাহৰ বাহিৰে ইবাদত কৰা হৈছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পূণ্যৱান লোকসকলৰ বিষয়ে সীমালংঘন কৰাটো এটা সময়ত আল্লাহক এৰি ইবাদত কৰাৰ কাৰণ হৈ পৰে, লগতে দ্বীনক সম্পূর্ণৰূপে পৰিত্যাগ কৰাৰ কাৰণ হৈ পৰে।
  2. মূৰ্ত্তি নিৰ্মাণ কৰা আৰু মূৰ্ত্তি স্থাপন কৰাৰ পৰা বিৰত থকা উচিত, বিশেষকৈ বুজুর্গসকলৰ মূৰ্ত্তি।
  3. চয়তানৰ ষড়যন্ত্র আৰু সত্যৰ ৰূপত বাতিলক উপস্থাপন কৰাৰ পৰা সতর্ক থকা উচিত।
  4. বিদ‘আত আৰু কুসংস্কাৰৰ পৰা বিৰত থকা উচিত, যদিও ইয়াৰ উদ্দেশ্য ভাল নহওক কিয়।
  5. মূৰ্ত্তি হৈছে শ্বিৰ্কত উপনীত হোৱাৰ মাধ্যম। গতিকে প্রাণীৰ মূৰ্ত্তি নিৰ্মাণ কৰাৰ পৰা বিৰত থকা ওৱাজিব।
  6. ইল্ম বা জ্ঞানৰ মূল্য বুজি পোৱা উচিত আৰু ইল্ম নথকাৰ ক্ষতি সম্পৰ্কে জনা উচিত।
  7. ইল্ম নাইকিয়া হোৱাৰ অন্যতম কাৰণ হৈছে উলামাসকলৰ মৃত্যু।
  8. অন্ধ অনুকৰণৰ পৰা বাচি থকা উচিত। কেতিয়াবা কেতিয়াবা এইটোৱে মানুহক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে।
  9. পূৰ্বৱৰ্তী উম্মতবোৰৰ মাজতো শ্বিৰ্কৰ উপস্থিতি আছিল।
  10. উল্লেখিত নাম পাঁচটা হৈছে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ উপাস্য।
  11. বাতিলপন্থীসকলে বাতিলৰ ক্ষেত্ৰত ইজনে সিজনৰ লগত কান্ধ মিলাই চলে আৰু ইজনে সিজনক সহায় কৰে।
  12. সামগ্রীকভাৱে কাফিৰসকলৰ ওপৰত অভিসম্পাত কৰা বৈধ।

অনুবাদ চাওক

28 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান