1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই কথাৰ ওপৰত বাইআত গ্ৰহণ কৰিছোঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। নামাজ প্ৰতিষ্ঠা কৰিব লাগিব, জাকাত আদায় দিব লাগিব, শাসকৰ নিৰ্দেশনা মানিব লাগিব, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'ব লাগিব।

عَنْ جَرِيرِِ بْنِ عَبْدِ اللَّهِ رضي الله عنه قَالَ:
بَايَعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَلَى شَهَادَةِ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَإِقَامِ الصَّلاَةِ، وَإِيتَاءِ الزَّكَاةِ، وَالسَّمْعِ وَالطَّاعَةِ، وَالنُّصْحِ لِكُلِّ مُسْلِمٍ.

জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এই কথাৰ ওপৰত বাইআত গ্ৰহণ কৰিছোঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। নামাজ প্ৰতিষ্ঠা কৰিব লাগিব, জাকাত আদায় দিব লাগিব, শাসকৰ নিৰ্দেশনা মানিব লাগিব, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'ব লাগিব।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 2157

ব্যাখ্যা

চাহাবী জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত প্ৰতিশ্ৰুতি লৈছে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থাকিবলৈ, দিনে ৰাতি পাঁচ ওৱাক্ত চালাত ইয়াৰ আৰকান, ওৱাজিবাত আৰু ছুনানসমূহ সহকাৰে আদায় কৰিবলৈ, ফৰজ জাকাত আদায় কৰিবলৈ, এইটো হৈছে আৰ্থিক অনিবাৰ্য ইবাদত, যিটো ধনী মানুহৰ পৰা সংগ্ৰহ কৰি, দুখীয়া দৰিদ্ৰ অভাৱী লোকৰ মাজত বিতৰণ কৰা হয়। এইদৰে শাসকসকলৰ আনুগত্য কৰিবলৈ, আৰু প্ৰতিজন মুছলিমৰ শুভাকাংক্ষী হ'বলৈ প্ৰতিশ্ৰুতি লৈছে। কাৰণ এইটো বৰ উপকাৰী, তেওঁৰ বাবে কল্যাণকৰ। কথা আৰু কৰ্মৰ অনিষ্টতাৰ পৰা সুৰক্ষিত থাকিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত নামাজৰ আৰু জাকাতৰ গুৰুত্ব বৰ্ণিত হৈছে, আৰু এই দুটা হৈছে ইছলামৰ অন্যতম আৰকান।
  2. শুভ কামনা কৰাৰ গুৰুত্ব, বিশেষকৈ মুছলিমসকলৰ মাজত ইজনে সিজনৰ কল্যাণ কামনা কৰাৰ গুৰুত্ব। সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ পৰা এই বিষয়ে বাইআত লৈছে।

অনুবাদ চাওক

58 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية