1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।

عَنْ مُعَاذِ بْنِ جَبَلٍ رضي الله عنه:
أَنَّ رَسُولَ صَلَّى عَلَيْهِ وَسَلَّمَ أَخَذَ بِيَدِهِ، وَقَالَ: «يَا مُعَاذُ، وَاللَّهِ إِنِّي لَأُحِبُّكَ»، فَقَالَ: «أُوصِيكَ يَا مُعَاذُ لَا تَدَعَنَّ فِي دُبُرِ كُلِّ صَلَاةٍ تَقُولُ: اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ وَشُكْرِكَ وَحُسْنِ عِبَادَتِكَ».

মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাতত ধৰি ক'লেঃ হে মুআজ! আল্লাহৰ শপত, মই তোমাক অত্যন্ত ভালপাওঁ। ইয়াৰ পিছত তেখেতে ক'লেঃ হে মুআজ! মই তোমাক এটা উপদেশ দিওঁ, তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।"

ছহীহ رواه أبو داود والنسائي وأحمد ছুনান আবি দাঊদ - 1522

ব্যাখ্যা

হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ হাতত ধৰি তেওঁক কৈছিলঃ আল্লাহৰ শপত, মই তোমাক বহুত ভালপাওঁ। মই তোমাক এটা উপদেশ দিওঁ, তুমি এই দুআটো প্ৰত্যেক নামাজৰ পিছত পাঠ কৰিবা, কেতিয়াও নেৰিবাঃ (আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা) অৰ্থাৎ হে আল্লাহ! প্ৰত্যেক নেক কথা আৰু নেক কৰ্মৰ জৰিয়তে তোমাক স্মৰণ কৰিবলৈ মোক সহায় কৰা। (অশ্বুকৰিকা) অৰ্থাৎ তুমি প্ৰদান কৰা সকলো নিয়ামতৰ চুকৰিয়া আদায় কৰিবলৈ সহায় কৰা। (অহুছনি ইবাদাতিক) অৰ্থাৎ ইখলাচ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক সুন্দৰভাৱে ইবাদত কৰিবলৈ সহায় কৰা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ ওৱাস্তে কাৰোবাক ভাল পালে সেইটো তাক জনাই দিয়া মুস্তাহাব।
  2. ফৰজ হওক বা নফল, প্ৰত্যেক নামাজৰ পিছতে এই দুআ পাঠ কৰা মুস্তাহাব।
  3. এই সৰু দুআটোৰ ভিতৰত দুনিয়া আৰু আখিৰাতত পাবলগীয়া বহুতো প্ৰয়োজনীয় উদ্দেশ্যক সামৰি লৈছে।
  4. আল্লাহৰ ওৱাস্তে কৰা মুহাব্বতৰ অন্যতম এটা উপকাৰিতা হৈছে, ইজনে সিজনক সত্যৰ উপদেশ দিয়া, সৎ পৰামৰ্শ দিয়া, নেকী তথা তাক্বৱাৰ ক্ষেত্ৰত সহায় কৰা।
  5. ত্বীবী ৰাহিমাহুল্লাহে কৈছেঃ জিকৰ-আজকাৰ হৈছে অন্তৰ প্ৰশস্ত হোৱাৰ অন্যতম উপায়। তেওঁৰ চুকৰিয়া আদায় কৰাটো হৈছে, নিয়ামত লাভ কৰাৰ অন্যতম উপায়। এইদৰে সুন্দৰ ইবাদত কৰাটো হৈছে, সেইবোৰ বস্তুৰ পৰা আঁতৰি থকাৰ উপায়, যিবোৰে মানুহক আল্লাহৰ পৰা অমনোযোগী কৰি ৰাখে।

অনুবাদ চাওক

50 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية