1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন।

عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«‌إِنَّ ‌أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا، وَلَقَدْ هَمَمْتُ أَنْ آمُرَ بِالصَّلَاةِ فَتُقَامَ، ثُمَّ آمُرَ رَجُلًا فَيُصَلِّيَ بِالنَّاسِ، ثُمَّ أَنْطَلِقَ مَعِي بِرِجَالٍ مَعَهُمْ حُزَمٌ مِنْ حَطَبٍ إِلَى قَوْمٍ لَا يَشْهَدُونَ الصَّلَاةَ، فَأُحَرِّقَ عَلَيْهِمْ بُيُوتَهُمْ بِالنَّارِ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 651

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলৰ বিষয়ে সংবাদ দিছে যে, সিহঁতে নামাজত উপস্থিত হোৱাৰ ক্ষেত্ৰত অৱহেলা কৰে, বিশেষকৈ ঈশ্বা আৰু ফজৰৰ নামাজত। এই দুটা নামাজ জামাতৰ সৈতে পঢ়িলে যি ছোৱাব পোৱা যায় সেইটো যদি সিহঁতে জানিলেহেঁতেন তেন্তে কেঁচুৱাৰ দৰে হাত আৰু আঠুৰ সহায়ত চুঁচৰি হ'লেও আহিলহেঁতেন।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই প্ৰতিজ্ঞা লবলৈ মনস্থ কৰিছিল যে, তেখেতে ইমামৰ স্থানত কাৰোবাক নামাজ আৰম্ভ কৰিবলৈ দি তেখেতে সেইসকল লোকৰ ঘৰ জলাই দিবলৈ যাব, যিসকলে জামাআতত নামাজ পঢ়িবলৈ উপস্থিত হোৱা নাই। ইয়াৰ দ্বাৰা তেখেতে এইটো স্পষ্ট কৰিব বিচাৰিছে যে, এইটো কিমান ভয়াৱহ গুনাহ। কিন্তু তেখেতে সেইটো কৰা নাছিল, কাৰণ ঘৰত মহিলা, নিৰ্দোষী শিশু আৰু উচিত কাৰণ থকা লোকসকলো থাকে, জামাতত উপস্থিত নহ'লে যিসকলৰ কোনো গুনাহ নাই।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মছজিদত হোৱা জামাতৰ নামাজৰ পৰা পিছুৱাই থকাৰ ভয়াৱহতা।
  2. মুনাফিকসকলে সিহঁতৰ ইবাদতৰ দ্বাৰা কেৱল লৌকিকতা আৰু প্ৰসিদ্ধতা কামনা কৰে। কাৰণ, সিহঁতে তেতিয়াই চালাতত উপস্থিত হয় যেতিয়া মানুহৰ সমাগম বেছি থাকে।
  3. ঈশ্বা আৰু ফজৰৰ চালাত জামাতত আদায় কৰাৰ ছোৱাব অপৰিসীম। এই দুই চালাতত উপস্থিত হ’বলৈ চুঁচৰি হ'লেও যোৱা উচিত।
  4. নিফাকৰ পৰা ৰক্ষা পাবলৈ ঈশ্বা আৰু ফজৰৰ নামাজক হিফাজত কৰা (নিয়মিতভাৱে পঢ়া) উচিত। কাৰণ এই দুই নামাজৰ পৰা পিছুৱাই থকাটো হৈছে মুনাফিকৰ বৈশিষ্ট্য।

অনুবাদ চাওক

60 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية