1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ যেতিয়া কোনো দুজন মুছলিম ব্যক্তি তৰোৱাল লৈ ইজনে সিজনৰ মুখামুখী হয়, তেতিয়া (জানি থবা) হত্যাকাৰী আৰু নিহত উভয় ব্যক্তিয়েই হৈছে জাহান্নামী।

عن أبي بَكرة رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول:
«إِذَا الْتَقَى الْمُسْلِمَانِ بِسَيْفَيْهِمَا فَالْقَاتِلُ وَالْمَقْتُولُ فِي النَّارِ»، فَقُلْتُ: يَا رَسُولَ اللهِ هَذَا الْقَاتِلُ، فَمَا بَالُ الْمَقْتُولِ؟ قَالَ: «إِنَّهُ كَانَ حَرِيصًا عَلَى قَتْلِ صَاحِبِهِ».

আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"যেতিয়া কোনো দুজন মুছলিম ব্যক্তি তৰোৱাল লৈ ইজনে সিজনৰ মুখামুখী হয়, তেতিয়া (জানি থবা) হত্যাকাৰী আৰু নিহত উভয় ব্যক্তিয়েই হৈছে জাহান্নামী।" মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! হত্যাকাৰী জাহান্নামত যাব (এইটো বাৰু বুজিলোঁ) কিন্তু নিহত ব্যক্তি কিয় জাহান্নামত যাব? তেখেতে ক'লেঃ "কাৰণ সিও প্ৰতিপক্ষক হত্যা কৰিবলৈ ইচ্ছুক আছিল।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 31

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া দুজন মুছলিম ব্যক্তিয়ে ইজনে সিজনক তৰোৱালেৰে হত্যা কৰিবলৈ মুখামুখী হয়, তেতিয়া হত্যাকাৰী এই কাৰণে জাহান্নামত যাব যে, সি হত্যা কৰিছে। কিন্তু নিহত ব্যক্তিও জাহান্নামত যোৱা কথাটো চাহাবাসকলৰ বোধগম্য নোহোৱাত তেওঁলোকে প্ৰশ্ন কৰিলে, নিহত ব্যক্তি কেনেকৈ জাহান্নামত যাব? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাই দিলে যে, সিও প্ৰতিপক্ষক হত্যা কৰিবলৈ সিমানেই আগ্ৰহী আছিল, হত্যাকাৰীয়ে আগতে পদক্ষেপ লোৱাৰ কাৰণেহে সি হত্যা কৰিব পৰা নাছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যিয়ে অন্তৰেৰে গুনাহৰ নিয়্যত কৰিছে আৰু সেইটো প্ৰতিফলিত কৰিবলৈও উপায় অৱলম্বন কৰিছে তেন্তে সি শাস্তিৰ উপযুক্ত।
  2. মুছলিমসকলক পৰস্পৰে কাজিয়া কৰিবলৈ কঠোৰভাৱে নিষেধ কৰিছে আৰু জাহান্নামৰ সতৰ্কবাণী প্ৰদান কৰিছে।
  3. সত্য প্ৰতিষ্ঠা কৰিবলৈ মুছলিমসকলৰ মাজত হোৱা যুদ্ধ ইয়াৰ অন্তৰ্ভুক্ত নহয়, যেনে- বিদ্ৰোহীসকলৰ সৈতে কৰা যুদ্ধ আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সৈতে কৰা যুদ্ধ।
  4. কেৱল কাবীৰাহ গুনাহ কৰিলেই কোনো এজন ব্যক্তি কাফিৰ বুলি গণ্য নহয়, কিয়নো হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পৰস্পৰে যুদ্ধ কৰা দুয়োজন ব্যক্তিকেই মুছলিম বুলি উল্লেখ কৰিছে।
  5. যি অস্ত্ৰৰ জৰিয়তেই দুজন মুছলিম ব্যক্তি মুখামুখী নহওক কিয়, ইজনে সিজনক হত্যা কৰিলে উভয়েই জাহান্নামী হ'ব। হাদীছত তৰোৱালৰ কথাটো কেৱল উদাহৰণ দিয়াৰ উদ্দেশ্যেহে উল্লেখ হৈছে।

অনুবাদ চাওক

68 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
EL Ελληνικά اليونانية
AK Akan الأكانية
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
LN Lingala اللينجالا
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
RN Kirundi الكيروندي
YAO Yao الياو
KMR Kurmancî الكرمنجية