1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।

عَنْ عَائِشَةَ أُمِّ المُؤْمِنينَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
مَا صَلَّى النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ صَلاَةً بَعْدَ أَنْ نَزَلَتْ عَلَيْهِ: {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} [النصر: 1] إِلَّا يَقُولُ فِيهَا: «سُبْحَانَكَ رَبَّنَا وَبِحَمْدِكَ اللَّهُمَّ اغْفِرْ لِي». وعَنْها قَالَتْ: كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُكْثِرُ أَنْ يَقُولَ فِي رُكُوعِهِ وَسُجُودِهِ: «سُبْحَانَكَ اللهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللهُمَّ اغْفِرْ لِي» يَتَأَوَّلُ الْقُرْآنَ.

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।" (অৰ্থঃ হে আমাৰ প্ৰতিপালক! তুমি পৱিত্ৰ, প্ৰশংসা কেৱল তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) আন এটা বৰ্ণনাত তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰূকু আৰু ছাজদাত এই দুআটো বেছি বেছি পাঠ কৰিছিলঃ "ছুবহানাকা আল্লাহুম্মা ৰাব্বানা অবিহামদিক, আল্লাহুম্মাগফিৰলী।" (অৰ্থঃ হে আল্লাহ! আমাৰ প্ৰতিপালক, তুমি পৱিত্ৰ আৰু সকলো প্ৰশংসা একমাত্ৰ তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।) ইয়াৰ দ্বাৰা তেখেতে কোৰআনৰ নিৰ্দেশ পালন কৰিছিল।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 4967

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, ছুৰা নচৰ {إذا جاء نصر الله والفتح} অৱতীৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ছুৰাত থকা কোৰআনৰ এই নিৰ্দেশ অনুসৰি {فسبح بحمد ربك واستغفره} (অৰ্থঃ প্ৰশংসাৰ সৈতে তুমি তোমাৰ প্ৰতিপালকৰ তাছবীহ পাঠ কৰা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।) নামাজৰ ৰূকু আৰু ছাজদাত বেছি বেছি তাছবীহ আৰু ইস্তিগফাৰ পাঠ কৰিছিল। «سبحانك» ইয়াৰ অৰ্থ হৈছে, তুমি সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। «اللهم ربنا وبحمدك» হে আল্লাহ আমাৰ প্ৰতিপালক, সকলো প্ৰশংসা তোমাৰেই, তুমি সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে পূৰ্ণাংগ। «اللهم اغفر لي» হে আল্লাহ! তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰূকু আৰু ছাজদাত এই দুআটো বেছি বেছি পাঠ কৰা মুস্তাহাব।
  2. অন্তিম সময়ছোৱাত ইস্তিগফাৰ কৰাটোৱে এই কথাৰ ইংগিত বহন কৰে যে, সকলো ইবাদতত বিশেষকৈ নামাজত ইস্তিগফাৰৰ দ্বাৰা সমাপ্ত কৰিব লাগে। যাতে বিগত সময়ছোৱাত যি ভুল-ত্ৰুটি হৈছে সেইবোৰ যেন পূৰ্ণ হয়।
  3. আল্লাহৰ ওচৰত দুআ কবূল হোৱাৰ আটাইতকৈ উত্তম উপায় হৈছে, দুআ কৰাৰ সময়ত আল্লাহৰ প্ৰশংসা কৰা, তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা, আৰু তেওঁক সকলো দোষ-ত্ৰুটিমুক্ত বুলি স্বীকাৰ কৰা।
  4. ক্ষমা প্ৰাৰ্থনাৰ গুৰুত্ব, সৰ্বাৱস্থাতেই ক্ষমা প্ৰাৰ্থনা কৰিব লাগে।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ নিৰ্দেশনা পালন কৰি পৰিপূৰ্ণৰূপে ইবাদত কৰিছিল।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية