1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।

عَنِ الْبَرَاءِ رضي الله عنه قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَا مِنْ مُسْلِمَيْنِ يَلْتَقِيَانِ فَيَتَصَافَحَانِ إِلَّا غُفِرَ لَهُمَا قَبْلَ أَنْ يَفْتَرِقَا».

বাৰা' ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।"

সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ) ছুনান আবি দাঊদ - 5212

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়া দুজন মুছলিম ব্যক্তিয়ে ৰাস্তাত অথবা কোনো ঠাইত সাক্ষাৎ কৰি পৰস্পৰক ছালাম কৰি মুচাফাহা কৰে, তেওঁলোক দুজনে শাৰীৰিকভাৱে গুচি যোৱাৰ আগতে অথবা মুচাফাহাৰ পৰা নিজৰ নিজৰ হাত টানি লোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সাক্ষাতৰ সময়ত মুচাফাহা কৰা মুস্তাহাব, লগতে মুচাফাহা কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ ছুন্নত তেতিয়াহে পালন হয় যেতিয়া কোনো অসুবিধা নোহোৱাকৈ সোঁ হাতেৰে সোঁ হাতত মুচাফাহা কৰা হয়।
  3. ছালাম প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে এজন মুছলিমে আন এজন মুছলিম ভাতৃৰ সৈতে কৰা মুচাফাহাৰ মহা ছোৱাবৰ কথা উল্লেখ কৰা হৈছে।
  4. হাৰাম মুচাফাহা এই হাদীছটোৰ অন্তৰ্ভুক্ত নহয়। উদাহৰণস্বৰূপে নাৰীসকলৰ সৈতে মুচাফাহা কৰা।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية