1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।

عَنْ عَائِشَةَ أُمِّ المُؤْمِنينَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
مَا شَبِعَ آلُ مُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مُنْذُ قَدِمَ المَدِينَةَ مِنْ طَعَامِ البُرِّ ثَلاَثَ لَيَالٍ تِبَاعًا، حَتَّى قُبِضَ.

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 5416

ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মদীনালৈ অহাৰ পিছৰ পৰা তেখেতে আৰু তেখেতৰ পৰিয়ালবৰ্গই কেতিয়াও তিনি দিন পৰ্যন্ত ধাৰাবাহিকভাৱে ঘেঁহুৰ ৰুটি খাই তৃপ্ত হোৱা নাছিল। এই ধাৰাবাহিকতা তেখেতৰ মৃত্যু পৰ্যন্ত আছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সাধাৰণ জীৱন যাপন কৰিছিল। কিয়নো আখিৰাতৰ জীৱনেই হৈছে আচল জীৱন।
  2. ইবনু হাজাৰে কৈছেঃ তেখেতসকলে এইদৰে জীৱন যাপন কৰাৰ অন্যতম প্ৰধান কাৰণ আছিল সা-সামগ্ৰীৰ অভাৱ। যদিও কেতিয়াবা তেখেতসকলে যথেষ্ট খাদ্য সামগ্ৰী পাইছিল, কিন্তু তাৰ পিছতো তেখেতসকলে নিজতকৈ আনক বেছি প্ৰাধান্য দিছিল।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية