قال سعد بن هشام بن عامر -عندما دخل على عائشة رضي الله عنها-:
يَا أُمَّ الْمُؤْمِنِينَ، أَنْبِئِينِي عَنْ خُلُقِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَتْ: أَلَسْتَ تَقْرَأُ الْقُرْآنَ؟ قُلْتُ: بَلَى، قَالَتْ: فَإِنَّ خُلُقَ نَبِيِّ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ الْقُرْآنَ.

ছাআদ বিন হিশ্বাম বিন আমিৰ যেতিয়া আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁ তেখেতক সুধিছিলঃ
হে মুমিনসকলৰ মাতৃ! আপুনি মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ সম্পৰ্কে কওকচোন। এই কথা শুনি তেখেতে ক'লেঃ তুমি কোৰআন পঢ়া নাইনে? মই ক'লোঁ, হয় নিশ্চয় পঢ়োঁ। তেখেতে ক'লেঃ কোৰআনখনেই আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ।

ছহীহ (মুছলিমে বৰ্ণনা কৰা এটা দীঘল হাদীছৰ কিয়দাংশ) ছহীহ মুছলিম - 746

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ সম্পৰ্কে সোধা হৈছিল, তেতিয়া তেখেতে গভীৰ অৰ্থপূৰ্ণ শব্দৰে উত্তৰ দিছিল আৰু প্ৰশ্নকৰ্তাক কোৰআনৰ কথা কৈছিল, যিখন কিতাব সকলো প্ৰকাৰ পূৰ্ণাংগ গুণেৰে গুণাম্বিত। তেখেতে উত্তৰ প্ৰদান কৰি কৈছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল কোৰআনৰ চৰিত্ৰৰে চৰিত্ৰৱান। অৰ্থাৎ কোৰআনত যি যি নিৰ্দেশ আহিছে সেইটো তেখেতে পালন কৰিছিল, আৰু কোৰআনত যিটোৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে, সেইটোক তেখেতে পৰিত্যাগ কৰিছিল। এইদৰে তেখেতৰ চৰিত্ৰৰ সাৰাংশ হৈছে এই যে, তেখেতে কোৰআনক আমলত পৰিণত কৰিছিল, কোৰআনে বান্ধি দিয়া সীমা কেতিয়াও উলংঘা কৰা নাছিল, কোৰআনত বৰ্ণিত শিষ্টাচাৰসমূহ বাস্তৱায়ন কৰিছিল, লগতে কোৰআনত বৰ্ণিত উদাহৰণসমূহ আৰু ঘটনাৱলীৰ পৰা শিক্ষা লৈছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শৰে আদৰ্শিত হৈ কোৰআনৰ নৈতিক শিক্ষাৰ প্ৰতি আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰক প্ৰশংসা কৰা হৈছে, আৰু এই কথা কোৱা হৈছে যে, কোৰআনেই আছিল তেখেতৰ চৰিত্ৰৰ মূল উৎস।
  3. কোৰআনেই হৈছে সকলো প্ৰকাৰ উত্তম চৰিত্ৰৰ মূল উৎস।
  4. ইছলামত চৰিত্ৰৰ দ্বাৰা মূলতে দ্বীনৰ সকলো বিষয়কে সামৰি লোৱা হৈছে, যেনে- নিৰ্দেশসমূহ পালন কৰা আৰু নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থকা আদি।

অনুবাদ চাওক

63 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية