1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।

عَنْ بُسْرِ بْنِ سَعِيدٍ، أَنَّ زَيْدَ بْنَ خَالِدٍ الْجُهَنِيَّ رَضيَ اللهُ عنه، أَرْسَلَهُ إِلَى أَبِي جُهَيْمٍ رَضيَ اللهُ عنه، يَسْأَلُهُ مَاذَا سَمِعَ مِنْ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي الْمَارِّ بَيْنَ يَدَيِ الْمُصَلِّي؟ قَالَ أَبُو جُهَيْمٍ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَوْ يَعْلَمُ الْمَارُّ بَيْنَ يَدَيِ الْمُصَلِّي مَاذَا عَلَيْهِ لَكَانَ أَنْ يَقِفَ أَرْبَعِينَ خَيْرًا لَهُ مِنْ أَنْ يَمُرَّ بَيْنَ يَدَيْهِ» قَالَ أَبُو النَّضْرِ: لَا أَدْرِي قَالَ: أَرْبَعِينَ يَوْمًا أَوْ شَهْرًا أَوْ سَنَةً؟

বুছৰ ইবনে ছাঈদৰ পৰা বৰ্ণিত যে, যায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক আবূ জুহায়ম ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ প্ৰেৰণ কৰিলে, এইটো সুধিবলৈ যে, নামাজীৰ সন্মুখেৰে পাৰ হোৱাৰ বিষয়ত তেওঁ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কি শুনিছে? আবূ জুহায়মে ক'লেঃ এই বিষয়ত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।" আবুন নজৰে কৈছেঃ মই নাজানো তেওঁ ৪০ দিন কৈছিল নে ৪০ মাহ, নে ৪০ বছৰ।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 507

ব্যাখ্যা

ফৰজ নামাজ হওক বা নফল নামাজ, মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাৰ পৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সাৱধান কৰিছে। যিয়ে ইচ্ছাকৃতভাৱে কোনো মুচল্লীৰ সন্মুখেদি পাৰ হয়, সি যদি ইয়াৰ গুনাহৰ পৰিমাণ জানিলেহেঁতেন, তেন্তে সি ৪০ (দিন, মাহ বা বছৰ) অপেক্ষা কৰাটোকে প্ৰাধান্য দিলেহেঁতেন বা শ্ৰেয় বুলি গণ্য কৰিলেহেঁতেন। উক্ত হাদীছটোৰ বৰ্ণনাকাৰী আবুন নজৰে কৈছেঃ মোৰ মনত নাই, তেওঁ চল্লিশ দিন কৈছিল নে চল্লিশ মাহ নে চল্লিশ বছৰ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ছুতৰা নাথাকিলে মুচল্লীৰ সন্মুখেৰে পাৰ হোৱা হাৰাম। অথবা যদি ছুতৰা থাকে তেন্তে ছুতৰা আৰু মুচল্লীৰ মাজত থকা খালী ঠাইৰ মাজেৰে পাৰ হোৱাও হাৰাম।
  2. ইবনু হাজাৰে কৈছে: ইয়াৰ নিৰ্ধাৰিত সীমা সম্পৰ্কে মতভেদ আছে। কিছুমানে কৈছে, মুচল্লী আৰু তাৰ সন্মুখত থকা ছাজদা কৰিব পৰা ঠাইৰ মাজেৰে পাৰ হোৱা নিষিদ্ধ। আন কিছুমানৰ মতে, তিনি হাত দূৰত্বৰ মাজেৰে পাৰ হোৱা নিষেধ। আনহাতে কিছুমানে কৈছে, ইয়াৰ সীমা হৈছে এটা শিল দলিয়ালে যিমান দূৰ যায়, সিমানখিনি দূৰত্বৰ মাজেৰে পাৰ হোৱা নিষিদ্ধ।
  3. ইমাম ছুয়ুতীয়ে কৈছে: "সন্মুখেদি পাৰ হোৱাৰ দ্বাৰা, নামাজীৰ সন্মুখেৰে উত্তৰ দক্ষিণ দিশত পাৰ হোৱাক বুজোৱা হৈছে। এতেকে যদি কোনোবাই কিবলাৰ দিশত সন্মুখেদি যায়, তেন্তে সেইটো এই সতৰ্কবাণীৰ ভিতৰত নপৰিব।
  4. মানুহে যাতায়ত কৰা পথত মুচল্লীয়ে নামাজ পঢ়া উচিত নহয়, ঠিক সেইদৰে এনেকুৱা স্থানতো নামাজ পঢ়া উচিত নহয়, যি ঠাইত মানুহে অবিৰতভাৱে চলাচল কৰে, যাতে ইয়াৰ দ্বাৰা তেওঁৰ নামাজ ত্ৰুটিযুক্ত নহয় আৰু অহা যোৱা কৰা লোকসকলেও যাতে গুনাহৰ ভাগী নহয়। গতিকে মুচল্লীয়ে নিজৰ আৰু চলাচলকাৰীসকলৰ মাজত ছুতৰা ব্যৱহাৰ কৰা উচিত।
  5. ইয়াৰ পৰা এইটো বুজা যায় যে, গুনাহৰ বাবে আখিৰাতত হ'বলগীয়া শাস্তি - যদিও সৰু হ'য় - ইয়াৰ তুলনাত দুনিয়াৰ যিকোনো কষ্ট, যিমানেই ডাঙৰ নহওক কিয়, সেয়া বহুত কম।

অনুবাদ চাওক

36 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية