1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।

عَنْ أَنَسٍ رَضيَ اللهُ عنهُ قَالَ:
ضَحَّى النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِكَبْشَيْنِ أَمْلَحَيْنِ أَقْرَنَيْنِ، ذَبَحَهُمَا بِيَدِهِ، وَسَمَّى وَكَبَّرَ، وَوَضَعَ رِجْلَهُ عَلَى صِفَاحِهِمَا.

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 5565

ব্যাখ্যা

আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদুল আজহাৰ দিনা নিজ হাতেৰে শিং থকা ক'লা বগা মিশ্ৰিত দুটা মতা ভেড়া কুৰবানী কৰিছিল। জবেহ কৰাৰ সময়ত তেখেতে নিজৰ ভৰি জন্তুটোৰ কান্ধত ৰাখি বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ জবেহ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কুৰবানী কৰাটো চৰীয়ত সন্মত। এইক্ষেত্ৰত গোটেই মুছলিম বিশ্ব একমত।
  2. উত্তম হৈছে কুৰবানীৰ জন্তু এনেকুৱা হোৱা উচিত, যেনেকুৱা ধৰণৰ কুৰবানী নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰিছিল। মোটা-তাজা, দেখাত ধুনীয়া, উত্তম মাংসবিশিষ্ট হোৱা উচিত।
  3. ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ নিজৰ কুৰবানী নিজ হাতেৰে কৰা মুস্তাহাব। জবেহ কৰিবলৈ প্ৰতিনিধি নিযুক্ত কৰিব নালাগে, কিন্তু যদি কোনো অসুবিধা থাকে তেন্তে বিষয়টো সুকীয়া। কিন্তু সেই সময়ত তেওঁ নিজে তাত উপস্থিত থকাটো মুস্তাহাব। যদি কোনো মুছলিম ব্যক্তিয়ে তেওঁৰ প্ৰতিনিধিত্ব কৰে তেন্তে এই ক্ষেত্ৰত কোনো মতানৈক্য নাই।
  4. ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ জবেহ কৰাৰ সময়ত বিছমিল্লাহৰ সৈতে আল্লাহু আকবাৰ বুলি কোৱাটো মুস্তাহাব। এইদৰে জবেহ কৰিবলৈ লোৱা জন্তুৰ ঘাৰত সোঁ ভৰি ৰাখি হেঁচি ধৰাটোও মুস্তাহাব। বাওঁফালে মুখ কৰি শুওৱাৰ ক্ষেত্ৰত সকলোৱে একমত, যাতে জবেহকাৰীয়ে নিজৰ সোঁ ভৰি জন্তুটোৰ ঘাৰত ৰাখি সোঁ হাতেৰে ছুৰী ধৰিব পাৰে আৰু বাওঁ হাতেৰে মূৰটো ধৰি জবেহ কৰিব পাৰে।
  5. কুৰবানীৰ জন্তুৰ শিং থকাটো মুস্তাহাব, শিং নাথাকিলেও কোনো অসুবিধা নাই।

অনুবাদ চাওক

53 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية