عَنْ المُغِيرَةِ رضي الله عنه قَالَ:
كُنْتُ مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي سَفَرٍ، فَأَهْوَيْتُ لِأَنْزِعَ خُفَّيْهِ، فَقَالَ: «دَعْهُمَا، فَإِنِّي أَدْخَلْتُهُمَا طَاهِرَتَيْنِ» فَمَسَحَ عَلَيْهِمَا.

মুগীৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। মই তেখেতৰ মোজা খুলিবলৈ হাত আগুৱাই দিলোঁ, তেতিয়া তেখেতে ক'লেঃ "ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।" ইয়াৰ পিছত তেখেতে সেই মোজাৰ ওপৰত মছেহ কৰিলে।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 206

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কোনো এটা ভ্ৰমণত আছিল, সেই ভ্ৰমণতে তেখেতে অজু কৰাৰ সময়ত যেতিয়া ভৰি ধোৱাৰ পাল আহিল, তেতিয়া মুগীৰাহ বিন শ্বুবাই হাত আগবঢ়ালে তেখেতৰ মোজা খুলি দিবলৈ, যাতে তেখেতে ভৰি ধুব পাৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ থৈ দিয়া নুখুলিবা, কাৰণ মই এই মোজা পিন্ধাৰ সময়ত অজু কৰি পিন্ধিছিলোঁ। ইয়াৰ পিছত তেখেতে ভৰি ধোৱাৰ পৰিবৰ্তে সেই মোজাৰ ওপৰতে মছেহ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. অজু কৰি মোজা পিন্ধিলে পুনৰ অজু কৰাৰ সময়ত সেই মোজাৰ ওপৰত মছেহ কৰিব পাৰি, এইটো চৰীয়ত সন্মত। কিন্তু যদি গোছল ওৱাজিব হয় তেন্তে মোজা খুলি ভৰি ধোৱাটো অনিবাৰ্য।
  2. মছেহ কৰাৰ সময়ত ভৰি এবাৰ মছেহ কৰিলেই যথেষ্ট। হাতখন তিয়াই লৈ ভৰিৰ পৃষ্ঠভাগত মছেহ কৰিব লাগে, তলভাগত নহয়।
  3. মছেহ কৰাৰ চৰ্ত হৈছে পিন্ধি থকা মোজাযোৰ পৰিপূৰ্ণ অজু কৰাৰ পিছত পিন্ধা হ'ব লাগিব। লগতে মোজাযোৰ পৱিত্ৰ হ'ব লাগিব আৰু ভৰিৰ যিখিনি অংশ ধোৱা ফৰজ সেইখিনি অংশক ঢাকি ৰাখিব পৰা হ'ব লাগিব। এই মছেহ কেৱল হাদাছে আচগাৰ হ'লেহে কৰিব পাৰি, গোছল ওৱাজিব হ'লে মছেহ নচলিব। এইদৰে চৰীয়তে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট সময়ৰ ভিতৰতেই হ'ব লাগিব আৰু সেই সময়সীমা হৈছে, মুক্বীমৰ বাবে এদিন এৰাতি, আৰু মুছাফিৰৰ বাবে তিনিদিন তিনিৰাতি।
  4. মূল হৈছে চামৰাৰ মোজা, ইয়াৰ ওপৰতেই কিয়াছ কৰি প্ৰতিটো সেই মোজা ইয়াৰ অন্তৰ্ভুক্ত যিটোৱে ভৰিৰ পতাক সৰুগাঁঠিলৈকে ঢাকি ৰাখে। যেনে কাপোৰৰ মোজা আদি, সেইবোৰৰ ওপৰতো মছেহ কৰা জায়েজ।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰ আৰু তেখেতৰ সুন্দৰ শিক্ষা পদ্ধতিৰ উৎকৃষ্ট প্ৰমাণ যে, তেখেতে মুগীৰাক মোজা খুলি দিবলৈ নিষেধ কৰিলে, লগতে ইয়াৰ কাৰণো উল্লেখ কৰিলে যে, তেখেতে পৱিত্ৰ অৱস্থাত এই মোজাযোৰ পিন্ধিছে। যাতে মুগীৰা আশ্বস্ত হয় আৰু ইয়াৰ বিধানটোও গম পায়।

অনুবাদ চাওক

59 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية