عَنْ أُمِّ عَطِيَّةَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
نُهِينَا عَنِ اتِّبَاعِ الجَنَائِزِ، وَلَمْ يُعْزَمْ عَلَيْنَا.

উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"আমাক জানাযাৰ অনুসৰণ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু কঠোৰভাৱে বাধা প্ৰদান কৰা হোৱা নাই।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 1278

ব্যাখ্যা

হাদীছটোত উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাসকলক জানাযাৰ পিছে পিছে খোঁজকাঢ়ি যাবলৈ নিষেধ কৰিছে। কাৰণ তেওঁলোকৰ দ্বাৰা ফিতনা হোৱাৰ আশংকা আছে আৰু ফিতনাত পৰাৰো আশংকা আছে, লগতে তেওঁলোকৰ ধৈৰ্য্য কম। ইয়াৰ পিছত উম্মু আতিয়্যাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অন্যান্য নিষেধাজ্ঞাৰ দৰে এই ক্ষেত্ৰত সিমান গুৰুত্ব সহকাৰে নিষেধ কৰা নাছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নাৰীসকলৰ বাবে জানাযাৰ অনুসৰণ কৰা নিষিদ্ধ। অনুসৰণৰ দ্বাৰা কাফনকে আদি কৰি জানাযাৰ নামাজ পঢ়া আৰু দাফন কৰিবলৈ কবৰস্থান পৰ্যন্ত যোৱাক বুজোৱা হৈছে।
  2. নিষেধাজ্ঞাৰ কাৰণ হৈছে, নাৰীসকলে এই ধৰণৰ দুখজনক দৃশ্য তথা প্ৰভাৱিত কৰিব পৰা পৰিস্থিতিক সহ্য কৰিব নোৱাৰে। সেয়ে তেওঁলোকৰ দ্বাৰা অনায়াসে অধৈৰ্য্য আৰু অসন্তুষ্টিমূলক কৰ্ম প্ৰকাশ পায়, যিটো বাধ্যতামূলক ধৈৰ্য্যৰ পৰিপন্থী।
  3. নিষেধাজ্ঞাৰ মূলনীতি হৈছে বস্তুটো হাৰাম, কিন্তু উম্মু আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাই অৱস্থাৰ প্ৰেক্ষাপটৰ পৰা গম পাইছিল যে, জানাযাক অনুসৰণ কৰাৰ নিষেধাজ্ঞাটো অধিক গুৰুত্ব সহকাৰে কৰা নাছিল। কিন্তু অন্যান্য হাদীছৰ দ্বাৰা এই কথা প্ৰমাণিত যে, নাৰীসকলে জানাযাৰ অনুসৰণ কৰাটো কঠোৰভাৱে নিষিদ্ধ।

অনুবাদ চাওক

37 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية