1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’

عَنْ عَائِشَةَ أُمِّ المؤْمنينَ رَضيَ اللهُ عنها قَالَتْ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي مَرَضِهِ الَّذِي لَمْ يَقُمْ مِنْهُ:
«لَعَنَ اللهُ الْيَهُودَ وَالنَّصَارَى، اتَّخَذُوا قُبُورَ أَنْبِيَائِهِمْ مَسَاجِدَ» قَالَتْ: فَلَوْلَا ذَاكَ أُبْرِزَ قَبْرُهُ، غَيْرَ أَنَّهُ خُشِيَ أَنْ يُتَّخَذَ مَسْجِدًا.

উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম বেমাৰৰ সময়ত কৈছেঃ
"ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁ কৈছেঃ এইটো আশংকা নাথাকিলে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব পাৰে।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 529

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ অন্তিম কঠিন বেমাৰত মৃত্যুশয্যাত থকা অৱস্থাত কৈছেঃ ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰ কৰক। কাৰণ সিহঁতে সিহঁতৰ নবীসকলৰ কবৰসমূহক ছাজদাৰ ঠাইত পৰিণত কৰিছে। সেইবোৰ কবৰৰ ওপৰত নিৰ্মাণ কাৰ্য্য কৰিছে, সিহঁতে তাত নামাজ পঢ়ে অথবা সেইফালে মুখ কৰি ইবাদত কৰে। ইয়াৰ পিছত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যদি নিষেধ নকৰিলেহেঁতেন তথা এই বিষয়ে সতৰ্ক নকৰিলেহেঁতেন আৰু চাহাবাসকলে যদি এই আশংকা নকৰিলেহেঁতেন যে, তেখেতৰ কবৰৰ সৈতেও তেনেকুৱা আচৰণ হ'ব পাৰে, যিদৰে ইয়াহুদী আৰু খ্ৰীষ্টানসকলে সিহঁতৰ নবীসকলৰ কবৰৰ সৈতে কৰিছে, তেন্তে তেখেতৰ কবৰ উন্মুক্ত ৰখা হ'লহেঁতেন।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এইবোৰ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ শেহতীয়া উপদেশ। যিয়ে ইয়াৰ অপৰিসীম গুৰুত্ব আৰু ইয়াত দিবলগীয়া মনোযোগৰ প্ৰয়োজনীয়তা প্ৰমাণ কৰে।
  2. কবৰক মছজিদত পৰিণত কৰিবলৈ গুৰুত্ব সহকাৰে নিষেধ কৰা হৈছে আৰু কঠোৰভাৱে হাৰাম কৰা হৈছে। লগতে জানাজাৰ বাহিৰে, কবৰৰ ওচৰত অথবা কবৰৰ ফলে মুখ কৰি নামাজ পঢ়িবলৈ হাৰাম কৰা হৈছে। কাৰণ এইবোৰ হৈছে শ্বিৰ্কৰ মাধ্যম। ইয়াৰ ফলত মৃত ব্যক্তিৰ প্ৰতি ভক্তি আৰম্ভ হয়, কবৰৰ তাৱাফ, কবৰক চুমা খোৱা আৰু মৃত ব্যক্তিৰ নামকাঢ়ি সহায় প্ৰাৰ্থনা কৰা আদি আৰম্ভ হয়। এই সকলোবোৰ হৈছে শ্বিৰ্ক আৰু শ্বিৰ্কত পতিত হোৱাৰ মাধ্যম।
  3. তাওহীদৰ প্ৰতি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত মনোযোগী আছিল, আৰু কবৰৰ সন্মানৰ ক্ষেত্ৰত সীমালংঘনৰ বিষয়টোকলৈ খুবেই আশংকা কৰিছিল। কাৰণ এইটো হৈছে শ্বিৰ্কত পতিত কৰাৰ এটা মাধ্যম।
  4. মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰক শ্বিৰ্ক কৰ্মৰ পৰা সুৰক্ষিত কৰিছে। লগতে তেখেতৰ কবৰক সুৰক্ষিত ৰাখিবলৈ আৰু উন্মুক্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহে চাহাবাসকলৰ প্ৰতি আৰু তেওঁলোকৰ পৰৱৰ্তী লোকসকলৰ প্ৰতি ইলহাম কৰিছে।
  5. চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উপদেশ আখৰে আখৰে পালন কৰিছিল আৰু তেওঁলোকে তাওহীদৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল।
  6. ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ সাদৃশ্যতা গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে। কবৰৰ ওপৰত নিৰ্মাণ কাৰ্য্য কৰাটোও হৈছে সিহঁতৰেই অনুকৰণ।
  7. কবৰৰ ওচৰত বা কবৰৰ সন্মুখত নামাজ পঢ়াটোও হৈছে তাক মছজিদত পৰিণত কৰাৰ অন্তৰ্ভুক্ত, যদিও তাত মছজিদ নিৰ্মাণ কৰা হওক বা নহওক।

অনুবাদ চাওক

44 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية