1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেত ভোক নিবাৰণ কৰিবলৈ এই নিম্নমানৰ শুকান খেজুৰো পোৱা নাছিল।

عَنِ النُّعْمَانِ بْنِ بَشِيرٍ رَضِيَ اللَّهُ عَنْهُ قَالَ:
أَلَسْتُمْ فِي طَعَامٍ وَشَرَابٍ مَا شِئْتُمْ؟ لَقَدْ رَأَيْتُ نَبِيَّكُمْ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَمَا يَجِدُ مِنَ الدَّقَلِ مَا يَمْلَأُ بِهِ بَطْنَهُ.

নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেত ভোক নিবাৰণ কৰিবলৈ এই নিম্নমানৰ শুকান খেজুৰো পোৱা নাছিল।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2977

ব্যাখ্যা

নু’মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত মানুহক আল্লাহৰ নিয়ামতৰ কথা সোঁৱৰাই দি কৈছে যে, তোমালোক কিমান সুখী আৰু স্বাচ্ছন্দ্য অৱস্থাত আছা। তোমালোকে নিজৰ খোৱা-লোৱা কৰিব পৰা স্বাধীনতা আছে, যিমান পৰিমাণ খাব বিচৰা সিমান পৰিমাণে খাব পাৰা। ইয়াৰ পিছত তেওঁ নবী ﷺ-ৰ অৱস্থা সম্পৰ্কে বৰ্ণনা কৰিছে যে, তেখেত ভোকৰ তাড়না দূৰ কৰিবলৈ তথা পেট ভৰাবলৈ নিম্ন মানৰ শুকান খেজুৰো বিচাৰি পোৱা নাছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত দুনিয়াৰ প্ৰতি থকা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনীহাৰ কথা উল্লেখ হৈছে।
  2. হাদীছটোত পৃথিৱীৰ মোহৰ পৰা বিমুখ হ'বলৈ, আৰু কম পৰিমাণে উপভোগ কৰাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. মানুহে যিবোৰ নিয়ামত অনুসৰণ কৰি আছে সেইবোৰ স্মৰণ কৰাই দিয়া আৰু সেইবোৰৰ বাবে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা হৈছে।

অনুবাদ চাওক

36 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية