1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।

عن ابنِ عُمَرَ رضي الله عنهما قال: قال رسولُ الله صلَّى الله عليه وسلم:
«مَن تَشَبَّهَ بِقَوْمٍ فَهُوَ مِنْهُمْ».

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।

হাছান (আবু দাঊদ, আহমদ) ছুনান আবি দাঊদ - 4031

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত সংবাদ দিছে যে, যি ব্যক্তিয়ে কোনো কাফিৰ অথবা ফাছিক নাইবা পূণ্যৱান কোনো সম্প্রদায়ৰ অনুসৰণ তথা অনুকৰণ কৰিব- অৰ্থাৎ সিহঁতৰ আক্বীদা অথবা ইবাদত নাইবা চাল-চলন ইত্যাদি বৈশিষ্ট্য ধাৰণ কৰিব, সি সিহঁতৰেই অন্তৰ্ভুক্ত বুলি বিবেচিত হ'ব। কিয়নো বাহ্যিক অনুসৰণ-অনুকৰণেই দৰাচলতে অভ্যন্তৰীণ তথা আন্তৰিক অনুসৰণ-অনুকৰণ কৰিবলৈ উৎসাহিত কৰে। নি:সন্দেহে কোনো সম্প্রদায়ৰ অনুসৰণ সিহঁতৰ প্রতি আকৃষ্ট হোৱাৰ পিছতহে কৰা হয়। কেতিয়াবা কেতিয়াবা সিহঁতৰ প্রতি ভালপোৱা আৰু সিহঁতক কৰা সন্মানে সিহঁতৰ ওচৰত শিৰ নত কৰায়। এইবোৰেই মানুহক সাদৃশ্য গ্ৰহণ কৰিবলৈ আকৃষ্ট কৰে, অৱশেষত অভ্যন্তৰীণ আৰু ইবাদতৰ ক্ষেত্ৰতো সাদৃশ্যতা গ্ৰহণ কৰে। এনেকুৱা সাদৃশ্য গ্ৰহণৰ পৰা আমি আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কাফিৰ আৰু ফাছিকসকলৰ সাদৃশ্য গ্ৰহণৰ পৰা সতৰ্ক কৰা হৈছে।
  2. সৎ তথা পূণ্যৱান লোকসকলৰ সাদৃশ্যতা গ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ অনুসৰণ-অনুকৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. বাহ্যিক অনুসৰণে অন্তৰত তাৰ প্ৰতি মুহাব্বত সৃষ্টি কৰে।
  4. সাদৃশ্যতা গ্ৰহণ আৰু ইয়াৰ ধৰণ অনুযায়ী মানুহ কেতিয়াবা শাস্তিৰ উপযুক্ত হয় আৰু গুনাহগাৰ হয়।
  5. কাফিৰসকলৰ ধৰ্ম আৰু সিহঁতৰ নিজস্ব কলা-কৃষ্টি তথা প্রথাৰ অনুসৰণ কৰা নিষিদ্ধ। কিন্তু উপৰোক্ত বিষয়বোৰৰ বাহিৰে বেলেগ কোনো ক্ষেত্ৰত সাদৃশ্যতা গ্ৰহণ কৰাত কোনো অসুবিধা নাই, যেনে- শিল্প তথা প্ৰযুক্তি বিদ্যা আদি সিহঁতৰ পৰা শিকা, এনেকুৱা অন্যান্য বিষয়বোৰ নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয়।

অনুবাদ চাওক

68 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
EL Ελληνικά اليونانية
AK Akan الأكانية
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
LN Lingala اللينجالا
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
RN Kirundi الكيروندي
YAO Yao الياو
KMR Kurmancî الكرمنجية