1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ (এইটো উমান পোৱা গৈছে যে,) নিশ্চিতভাৱে তোমালোকে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰিপূৰ্ণৰূপে অনুসৰণ কৰিবা, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে।

عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَتَتَّبِعُنَّ سَنَنَ الَّذِينَ مِنْ قَبْلِكُمْ، شِبْرًا بِشِبْرٍ، وَذِرَاعًا بِذِرَاعٍ، حَتَّى لَوْ دَخَلُوا فِي جُحْرِ ضَبٍّ لَاتَّبَعْتُمُوهُمْ» قُلْنَا: يَا رَسُولَ اللهِ آلْيَهُودَ وَالنَّصَارَى؟ قَالَ: «فَمَنْ؟».

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"(এইটো উমান পোৱা গৈছে যে,) নিশ্চিতভাৱে তোমালোকে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰিপূৰ্ণৰূপে অনুসৰণ কৰিবা, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে। আনকি যদি সিহঁতে গুঁই সাপৰ গাততো সোমাই পৰে তথাপিও তোমালোকে সিহঁতক অনুসৰণ কৰিবা।" আমি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ কথা কৈছে নেকি? তেখেতে ক'লেঃ "তেন্তে আৰুনো কাৰ কথা?"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 2669

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতৰ কিছুমান লোকৰ অৱস্থা বৰ্ণনা কৰিছে যে, পৰৱৰ্তী সময়ত সিহঁতে ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ আক্বীদাহ, কাৰ্যকলাপ, অভ্যাস আদিৰ অনুসৰণ কৰিব। পৰিপূৰ্ণৰূপে অনুসৰণ কৰিব, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে। আনকি সিহঁতে যদি গুঁই সাপৰ গাততো সোমায় তেন্তে ইহঁতেও সিহঁতৰ পিছে পিছে তাত সোমাব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এইটো তেখেতৰ নুবুওৱতৰ অন্যতম এটা প্ৰতীক। কাৰণ এই ঘটনা সংঘটিত হোৱাৰ আগতেই তেখেতে ইয়াৰ সংবাদ দিছে। আনকি তেখেতে যেনেকৈ কৈছিল তেনেকৈ সংঘটিতও হৈছে।
  2. মুছলিমসকলক কাফিৰসকলৰ সাদৃশ্যতা গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে। সেয়া আক্বীদাহ সম্পৰ্কীয় কোনো বিষয় হওক বা ইবাদত সম্পৰ্কীয়, নাইবা উৎসৱ অথবা অভ্যাস সম্পৰ্কীয় বিষয়ে হওক।
  3. বাহ্যিক উদাহৰণৰ জৰিয়তে অভৌতিক বিষয় স্পষ্ট কৰাটো হৈছে ইছলামৰ অন্যতম এটা শিক্ষণ পদ্ধতি।
  4. গুঁই সাপঃ এনেকুৱা এটা প্ৰাণী, যি অতি গভীৰ গাঁতত থাকে। বেছি ভাগ সময় মৰভূমিত বাস কৰা এইটো হৈছে সৰীসৃপ প্ৰজাতিৰ এটা প্ৰাণী। হাদীছটোত গুঁই সাপৰ গাঁতক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, ইয়াৰ গাঁত অতি সংকীৰ্ণ তথা অতি গভীৰ। ইয়াৰ পিছতো কিছুমান লোকে সিহঁতৰ পথৰ অনুসৰণ কৰিব। যদি সিহঁতে এনেকুৱা সংকীৰ্ণ গাঁততো সোমাই পৰে, তথাপিও ইহঁতে সিহঁতৰ পিছে পিছে সোমাই যাব। আল্লাহেই সহায়ক।

অনুবাদ চাওক

57 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية