1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।

عَنْ سَهْلِ بْنِ مُعَاذِ بْنِ أَنَسٍ عَنْ أَبِيهِ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ أَكَلَ طَعَامًا فَقَالَ: الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ».

ছাহল বিন মুআজ বিন আনাছে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।

হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ) ছুনান তিৰমিজী - 3458

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পানাহাৰ কৰাৰ পিছত আল্লাহৰ প্ৰশংসা কৰিবলৈ উৎসাহিত কৰিছে। মহান আল্লাহৰ সহায়-সহযোগিতা অবিহনে এই আহাৰ প্ৰস্তুত কৰা আৰু ভক্ষণ কৰাৰ মোৰ কোনো শক্তি সামৰ্থ নাছিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, যিয়ে এই দুআটো পাঠ কৰিব তেওঁ আল্লাহৰ মাগফিৰাত তথা ক্ষমাৰ পাত্ৰ হ'ব। তেওঁৰ অতীতৰ সকলো সৰু গুনাহ ক্ষমা কৰি দিয়া হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পানাহাৰ কৰি আল্লাহৰ প্ৰশংসা কৰা মুস্তাহাব।
  2. হাদীছটোত আল্লাহৰ মহান অনুগ্ৰহৰ কথা বৰ্ণিত হৈছে। তেৱেঁই বান্দাক জীৱিকা দান কৰে আৰু জীৱিকাৰ সকলো উপায় সহজ কৰি দিয়ে, লগতে ইয়াৰ দ্বাৰা বান্দাৰ গুনাহো ক্ষমা কৰি দিয়ে।
  3. বান্দাৰ সকলো বিষয় আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। বান্দাই নিজৰ শক্তি সামৰ্থৰ দ্বাৰা একো কৰিব নোৱাৰে। বান্দাক কেৱল কাৰণ অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অনুবাদ চাওক

53 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية