1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।

عن أَبِي أُمَامَةَ إِياسِ بنِ ثَعْلَبَةَ الحَارِثِيِّ رضي الله عنه أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَنِ اقْتَطَعَ حَقَّ امْرِئٍ مُسْلِمٍ بِيَمِينِهِ، فَقَدْ أَوْجَبَ اللهُ لَهُ النَّارَ، وَحَرَّمَ عَلَيْهِ الْجَنَّةَ» فَقَالَ لَهُ رَجُلٌ: وَإِنْ كَانَ شَيْئًا يَسِيرًا يَا رَسُولَ اللهِ؟ قَالَ: «وَإِنْ قَضِيبًا مِنْ أَرَاكٍ».

আবু উমামা ইয়াছ বিন ছা'লাবা আল-হাৰিছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 137

ব্যাখ্যা

কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিবলৈ জানি বুজি মিছা শপত খাবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। কাৰণ ইয়াৰ ফলত ব্যক্তি জাহান্নামৰ উপযুক্ত হয় আৰু জাহান্নামৰ পৰা বঞ্চিত হয়। এইটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ। এই কথা শুনি এজন ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! যদি সৰু সুৰা কোনো বস্তুৰ কাৰণে এনেকুৱা কৰিছে তেন্তে ইয়াৰ বিধান কি? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি আৰাক গছৰ ডালেৰে বনোৱা এটা মিছৱাকৰ সমান বস্তুও হয় তথাপিও সেই একেই শাস্তি বিহা হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বেলেগৰ অধিকাৰ আত্মসাৎ কৰাৰ পৰা সতৰ্ক থাকিব লাগে। লগতে প্ৰাপ্য অধিকাৰীক তাৰ অধিকাৰ অৰ্পণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী হ'বলৈ উৎসাহিত কৰা হৈছে, পৰিমাণ যিমানেই কম নহওক কিয়। এইদৰে ফয়চালাকাৰীৰ ভুল ফয়চালাৰ দ্বাৰা কোনো বস্তু নিজৰ কৰি লোৱাৰ অনুমতি নিদিয়ে, যদি প্ৰকৃততে সেইটো তাৰ নহয়।
  2. ইমাম নাৱাৱীয়ে কৈছেঃ মুছলিমসকলৰ অধিকাৰ খৰ্ব কৰাটো কঠোৰভাৱে হাৰাম, পৰিমাণ কম হওক বা বেছি এই ক্ষেত্ৰত কোনো পাৰ্থক্য নাই। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদিও মিছৱাক পৰিমাণ হয়।"
  3. ইমাম নাৱাৱীয়ে কৈছেঃ এই শাস্তি সেই ব্যক্তিৰ বাবে যিয়ে কোনো মুছলিমৰ হক আত্মসাৎ কৰি তাওবা নকৰাকৈ মৃত্যুবৰণ কৰিছে। পক্ষান্তৰে যিয়ে তাওবা কৰিছে আৰু নিজৰ কৰ্মত অনুতপ্ত হৈছে, লগতে প্ৰাপ্য অধিকাৰীক তাৰ অধিকাৰ ঘূৰাই দিছে আৰু এই সংকল্প কৰিছে যে, এনেকুৱা কাম পুনৰ কেতিয়াও নকৰিব তেন্তে তেনেকুৱা ব্যক্তি এই শাস্তিৰ পৰা ৰক্ষা পাব তথা তাৰ গুনাহ মাফ কৰি দিয়া হ'ব।
  4. ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ মুছলিমসকলক বিশেষৰূপে সম্বোধন কৰাৰ কাৰণ হৈছে এই যে, তেওঁলোকেই হৈছে চৰীয়তৰ দ্বাৰা মুখ্য সম্বোধনকৃত লোক তথা চৰীয়তৰ প্ৰতি আমলকাৰী। কিন্তু ইয়াৰ দ্বাৰা এইটো নুবুজায় যে, অমুছলিমসকল ইয়াৰ পৰা পৃথক, বৰং সিহঁতেও এই বিধানৰ অন্তৰ্গত।
  5. নাৱাৱীয়ে কৈছেঃ কোনো বস্তুৰ বাস্তৱ চিত্ৰৰ পৰিবৰ্তে বেলেগ কোনো সংবাদ দিয়াকে মিছা বুলি কোৱা হয়। সেয়া জানি বুজি হওক বা ভুলতে হওক। সেই সংবাদটো অতীত সম্পৰ্কীয় হওক বা ভৱিষ্যত সম্পৰ্কীয়।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية