1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।

عَنِ ابْنِ عَبَّاسٍ رَضِيَ اللَّهُ عَنْهُمَا قَالَ: قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«نِعْمَتَانِ مَغْبُونٌ فِيهِمَا كَثِيرٌ مِنَ النَّاسِ: الصِّحَّةُ وَالفَرَاغُ».

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।"

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 6412

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত দুটা নিয়ামত সম্পৰ্কে সংবাদ দিছে যে, এই দুটা নিয়ামতৰ ক্ষেত্ৰত বেছি ভাগ লোকেই ক্ষতিগ্ৰস্তৰ মাজত থাকে, কাৰণ সিহঁতে ইয়াৰ সদ্ব্যৱহাৰ নকৰে। যদি মানুহে সুস্থতা আৰু অৱসৰ সময় লাভ কৰে আৰু এই দুটা নিয়ামতক যদি সি আল্লাহৰ আনুগত্যমূলক কামত ব্যৱহাৰ নকৰে তেন্তে সি ক্ষতিগ্ৰস্ত হয়। এইটোৱে হৈছে অধিকাংশ লোকৰ অৱস্থা। আনহাতে যিয়ে এই দুটা নিয়ামত পাই ইয়াৰ সদ্ব্যৱহাৰ কৰে তথা ইবাদতত ব্যয় কৰে তেন্তে তেওঁ লাভৱান হয়। কিয়নো পৃথিৱী হৈছে আখিৰাতৰ খেতি। ইয়াত কৰা ব্যৱসায়ৰ ফলাফল আখিৰাত দেখিবলৈ পোৱা যাব। জানি থোৱা উচিত যে, অৱসৰ সময়ৰ পিছত আহে ব্যস্ততা আৰু সুস্থতাৰ পিছত আহে বেমাৰ-আজাৰ। আনহাতে যদি বৃদ্ধাৱস্থাই আহি যায়, তেন্তে (ধ্বংসৰ বাবে) এইটোৱে যথেষ্ট।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. চৰীয়তৰ অনুগামী লোকক ব্যৱসায়ীৰ সৈতে তুলনা কৰা হৈছে। এইদৰে সুস্থতা আৰু অৱসৰ সময়ক তুলনা কৰা হৈছে মূলধনৰ সৈতে। এতেকে যিয়ে নিজৰ মূলধনক উত্তম তথা উপযুক্ত স্থানত ব্যৱহাৰ কৰিব, তেওঁ ব্যৱসায়ত লাভৱান হ'ব। আনহাতে যিয়ে মূলধন বিনষ্ট কৰিব সি ক্ষতিগ্ৰস্ত হ'ব আৰু অনুতপ্ত হ'ব।
  2. ইবনুল খাঝিনে কৈছেঃ নিয়ামত সেইটোক কোৱা হয়, যিটোক মানুহে উপভোগ কৰে তথা যিটোৰ দ্বাৰা মানুহে আনন্দিত হয়। অঁকৰা বা বুৰ্বক হৈছে সেই ব্যক্তি যিয়ে অত্যাধিক দামত বস্তু ক্ৰয় কৰে অথবা আচল মূল্যতকৈ কম দৰত বস্তু বিক্ৰী কৰে। এতেকে যিজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ আৰু দুনিয়াৱী ব্যস্ততাৰ পৰাও অৱসৰ পাইছে, তেনেকুৱা ব্যক্তিয়ে যদি নিজৰ আখিৰাত সংশোধন কৰাৰ প্ৰয়াস নকৰে তেন্তে সেই ব্যক্তি হৈছে এনেকুৱা বুৰ্বক যিয়ে নিজৰ ব্যৱসায়ত লোকচান কৰে।
  3. আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ ক্ষেত্ৰত সুস্থতা আৰু অৱসৰ সময়ৰ জৰিয়তে উপকৃত হ'বলৈ আগ্ৰহী হোৱা উচিত। এই সুযোগ পাৰ হোৱাৰ আগতে সেই সময়ছোৱাত নেক কৰ্ম বেছি বেছি কৰা উচিত।
  4. আল্লাহে প্ৰদান কৰা নিয়ামত তেওঁৰ আনুগত্যত ব্যৱহাৰ কৰাটোৱে হৈছে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা।
  5. ক্বাজীয়ে আৰু আবু বকৰ ইবনুল আৰাবীয়ে কৈছেঃ এইক্ষেত্ৰত মতানৈক্য আছে যে, বান্দাসকলৰ ওপৰত থকা আল্লাহৰ প্ৰথম নিয়ামত কোনটো? কিছুমানে কৈছেঃ প্ৰথম নিয়ামত হৈছে ঈমান। আন কিছুমানে কৈছেঃ প্ৰথম নিয়ামত হৈছে জীৱন। আন কিছুমানে কৈছেঃ প্ৰথম নিয়ামত হৈছে সুস্বাস্থ্য তথা সুস্থতা। প্ৰথম মতটোৱে বেছি উপযুক্ত। কাৰণ এইটো হৈছে এটা পূৰ্ণাংগ ব্যাপক নিয়ামত। আনহাতে জীৱন আৰু সুস্বাস্থ্য হৈছে দুনিয়াৱী নিয়ামত। কাৰণ ঈমান নাথাকিলে এই দুটা প্ৰকৃত নিয়ামত হিচাপে গণ্য নহয়। এইকাৰণেই এই দুটা নিয়ামতৰ দ্বাৰা বেছিভাগ লোকেই উপকৃত নহয়, তথা লোকচানৰ সন্মুখীন হয়। এতেকে যিয়ে প্ৰবৃত্তিৰ কামনা বাসনাৰ প্ৰতি আসক্ত হৈ সেইফালে ধাৱিত হয় আৰু চৰীয়তৰ সীমাৰেখা লংঘন কৰে, নিয়মিতভাৱে ইবাদত পালন নকৰে, সি ক্ষতিগ্ৰস্ত হয়। এইদৰে যেতিয়া মানুহে অৱসৰি সময় কটায়, তেতিয়া তাৰ ওচৰত কোনো বাহানা নাথাকে, পক্ষান্তৰে ব্যস্ত মানুহৰ ওচৰত উত্থাপন কৰিব পৰা বাহানা থাকে। সেয়ে ব্যস্ত মানুহৰ তুলনাত খালী সময় পাৰ কৰা মানুহক জবাবদিহি কৰাৰ অধিক থল থাকে।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية