1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।

عَنِ ابْنِ عَبَّاسٍ رضي الله عنهما قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَا يَنْظُرُ اللهُ إِلَى رَجُلٍ أَتَى رَجُلًا أَوِ امْرَأَةً فِي دُبُرٍ».

আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।"

ছহীহ رواه الترمذي والنسائي في الكبرى ছুনান আল-কুবৰা লিন নাছায়ী - 8952

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কঠোৰ সতৰ্কবাণী দিছে যে, সমকামী ব্যক্তিৰ প্ৰতি তথা যিয়ে স্ত্ৰীৰ পায়ু পথত যৌন মিলন কৰে তেনেকুৱা ব্যক্তিৰ প্ৰতি আল্লাহে ৰহমতৰ দৃষ্টিপাত নকৰিব। কাৰণ এইটো হৈছে মহা পাপ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সমকামিতা হৈছে মহা পাপ।
  2. স্ত্ৰীৰ পায়ু পথত যৌন মিলন কৰাটোও মহা পাপ।
  3. আল্লাহে দৃষ্টিপাত নকৰিব অৰ্থাৎ ৰহমতৰ দৃষ্টিৰে নাচাব। ইয়াৰ অৰ্থ এইটো নহয় যে, একেবাৰেই নাচাব। কাৰণ আল্লাহৰ পৰা কোনো বস্তুৱে গোপন নহয় আৰু তেওঁৰ দৃষ্টিৰ পৰাও অগোচৰ নহয়।
  4. এইবোৰ কৰ্ম হৈছে মানৱ জীৱনৰ আটাইতকৈ ভয়াৱহ অশ্লীলতা। তথা এইবোৰ হৈছে সুস্থ প্ৰকৃতি আৰু সুস্থ মানসিকতাৰ পৰিপন্থী। লগতে ইয়াৰ ফলত বংশবৃক্ষ বিনষ্ট হয় আৰু পাৰিবাৰিক জীৱনত ব্যাঘাত জন্মে। বিদ্বেষ আৰু শত্ৰুতাৰ বীজ ৰোপণ হয়। নিকৃষ্টতাৰ গহ্বৰত পতিত হয়।

অনুবাদ চাওক

48 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية