1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।

عَنْ أَبِي ثَعْلَبَةَ الخُشَنِيِّ جُرْثُومِ بن نَاشِرٍ رَضِيَ اللَّهُ عَنْهُ عَنْ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَال:
«إِنَّ اللَّهَ فَرَضَ فَرَائِضَ فَلَا تُضَيِّعُوهَا، وَحَدَّ حُدُودًا فَلَا تَعْتَدُوهَا، وَحَرَّمَ أَشْيَاءَ فَلَا تَنْتَهِكُوهَا، وَسَكَتَ عَنْ أَشْيَاءَ رَحْمَةً لَكُمْ غَيْرَ نِسْيَانٍ فَلَا تَبْحَثُوا عَنْهَا».

আবূ ছা'লাবাহ আল-খুশ্বানী জুৰছুম ইবনে নাশ্বিৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে:
"নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"

قال النووي: حديث حسن رواه الدارقطني في سننه وغيره الأربعون النووية - 30

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিছুমান বিষয় ফৰজ তথা বাধ্যতামূলক কৰিছে, গতিকে সেইবোৰৰ ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা বা সেইবোৰক পৰিত্যাগ নকৰিবা। এইদৰে তেওঁ তোমালোকৰ বাবে এটা সীমাৰেখা নিৰ্ধাৰণ কৰিছে, যিয়ে তোমালোকক সেইবোৰ বস্তুৰ পৰা বিৰত ৰাখে, যিবোৰ বস্তুক তেওঁ অপছন্দ কৰে। গতিকে চৰীয়তে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰা উচিত নহয়। এইদৰে তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ তোমালোকে ভক্ষণ নকৰিবা, আনকি সেইবোৰৰ নিকটৱৰ্তীও নহ'বা। ইয়াৰ বাহিৰে তেওঁ যিবোৰ বস্তু সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে, সেয়া হৈছে বান্দাসকলৰ প্ৰতি এক প্ৰকাৰ অনুগ্ৰহ। সেয়ে এইবোৰৰ মৌলিক বিধান হৈছে বৈধ, গতিকে সেইবোৰৰ বিষয়ে অনুসন্ধান নকৰিবা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৱে প্ৰমাণ কৰে যে, মহান আল্লাহেই হৈছে চৰীয়ত প্ৰণেতা, তেওঁৰ হাততে সকলো বিষয়ৰ দায়িত্ব।
  2. হাদীছটোত চৰীয়তৰ আদেশ আৰু অনুমতি সংক্ৰান্তীয় বিধান চামিল আছে। চৰীয়তৰ আদেশ দুই ধৰণে হয়, এক. কোনো বিষয়ে মৌখিকভাৱে আদেশ দিয়া। দুই. কোনো বিষয়ত মৌন হৈ থকা। এইটো কেতিয়াবা ওৱাজিব নিৰ্দেশ হয় আৰু কেতিয়াবা মান্দুব (ছুন্নত)। অথবা হাৰাম নাইবা মকৰূহ হিচাপে নিষেধ কৰা হয়, বা মুবাহ হয়।
  3. মহান আল্লাহে যিটো বিষয়ত মৌনতা অৱলম্বন কৰিছে, যিটোক তেওঁ বাধ্যতামূলক কৰা নাই, আৰু সেইটোৰ কোনো সীমাও নিৰ্ধাৰণ কৰা নাই, লগতে সেই বিষয়ে নিষেধো কৰা নাই, তেন্তে সেইটো হৈছে হালাল।
  4. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম বৰ্ণনা পদ্ধতি যে, তেখেতে হাদীছটোত স্পষ্টৰূপে বিষয়বোৰ ভাগ ভাগ কৰি বৰ্ণনা কৰিছে।
  5. আল্লাহে ফৰজ কৰা বিধানবোৰ সুচাৰূৰুপে নিয়মিত পালন কৰাটো অনিবাৰ্য্য।
  6. আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা অতিক্ৰম কৰা হাৰাম।

অনুবাদ চাওক

58 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
DA Dansk الدنماركية
RN Kirundi الكيروندي
KMR Kurmancî الكرمنجية
MS Bahasa Melayu الملايو
শ্ৰেণীবিন্যাসসমূহ