1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।

عَنْ ‌أَبِي حُمَيْدٍ أَوْ عَنْ ‌أَبِي أُسَيْدٍ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا دَخَلَ أَحَدُكُمُ الْمَسْجِدَ فَلْيَقُلِ: اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ، وَإِذَا خَرَجَ فَلْيَقُلِ: اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ فَضْلِكَ».

আবু হুমাইদ অথবা আবু উছাইদৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰে তেতিয়া তেওঁ এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক", (অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ ৰহমতৰ দুৱাৰসমূহ খুলি দিয়া), আৰু ওলোৱাৰ সময়ত এই দুআ পঢ়া উচিতঃ "আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক", (অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ কামনা কৰোঁ)।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 713

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ উম্মতীসকলক নিৰ্দেশনা দি কৈছে যে, মছজিদত প্ৰৱেশ কৰাৰ সময়ত এই দুআ পাঠ কৰা উচিত। ("আল্লাহুম্মাফ তাহলী আবৱাবা ৰাহমাতিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যে, যাতে আল্লাহে তাৰ বাবে ৰহমতৰ যাৱতীয় উপায় সহজ কৰি দিয়ে। আনহাতে ওলোৱাৰ সময়ত এই দুআ কোৱা উচিতঃ ("আল্লাহুম্মা ইন্নি আছআলুকা মিন ফাজলিক") অৰ্থাৎ আল্লাহৰ ওচৰত এই দুআ কৰা উচিত যাতে আল্লাহে আৰু অধিক হালাল জীৱিকা প্ৰদান কৰি এহছান কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মছজিদত প্ৰৱেশ কৰাৰ সময়ত আৰু ওলোৱাৰ সময়ত এই দুআ পাঠ কৰা মুস্তাহাব।
  2. প্ৰৱেশৰ সময়ত ৰহমত আৰু ওলোৱাৰ সময়ত অনুগ্ৰহ কামনা এই কাৰণে কৰা হৈছে যে, ভিতৰত আল্লাহৰ নৈকট্য আৰু তেওঁৰ জান্নাত সম্পৰ্কীয় বিষয়তে ব্যস্ত থকা হয়, গতিকে ইয়াত ৰহমত বিচৰাটোৱে অধিক উপযুক্ত। আনহাতে ওলোৱাৰ পিছত পাৰ্থিৱ বিষয়ত মেহনত কৰা হয় তথা আল্লাহৰ ফজল আৰু জীৱিকা সন্ধান কৰে, সেয়ে ইয়াত আল্লাহৰ ফজল তথা অনুগ্ৰহ কামনা কৰা উচিত।
  3. এইবোৰ দুআ মছজিদত প্ৰৱেশ কৰাৰ সময়ত আৰু ওলোৱাৰ সময়ত পঢ়িব লাগে।

অনুবাদ চাওক

60 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية