1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো সম্প্ৰদায়কেই ইছলামৰ প্ৰতি আহ্বান নকৰাকৈ যুদ্ধ কৰা নাছিল।

عَنِ ابْنِ عَبَّاسٍ رَضِيَ اللهُ عَنْهُمَا قَالَ:
مَا قَاتَلَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَوْمًا قَطُّ حَتَّى يَدْعُوَهُمْ.

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো সম্প্ৰদায়কেই ইছলামৰ প্ৰতি আহ্বান নকৰাকৈ যুদ্ধ কৰা নাছিল।

ছহীহ رواه أحمد والبيهقي سنن البيهقي - 18232

ব্যাখ্যা

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়াই কোনো সম্প্ৰদায়ৰ সৈতে যুদ্ধ কৰিছিল, তাৰ আগতেই সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰিছিল। যদি সিহঁতে সেই আহ্বানত সঁহাৰি দিয়া নাছিল, তেতিয়া সিহঁতৰ সৈতে যুদ্ধ কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যদি কোনো সম্প্ৰদায়ে ইছলামৰ দাৱাত পোৱা নাই, তেনেকুৱা সম্প্ৰদায়ৰ সৈতে যুদ্ধ কৰাৰ পূৰ্বে প্ৰথমে সিহঁতক ইছলাম সম্পৰ্কে অৱগত কৰাটো হৈছে জৰুৰী তথা এইটো হৈছে অন্যতম এটা চৰ্ত।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথমে সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰিছিল, যদি সিহঁতে প্ৰত্যাখ্যান কৰিছিল, তেতিয়া সিহঁতক জিজিয়া কৰ পৰিশোধ কৰিবলৈ প্ৰস্তাৱ দিছিল, যদি সিহঁতে এইটোও নাকচ কৰিছিল তেতিয়া তেখেতে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। অন্যান্য হাদীছত এই কথা বৰ্ণিত হৈছে।
  3. জিহাদৰ অন্যতম এটা উদ্দেশ্য হৈছে মানুহে যাতে ইছলামত প্ৰৱেশ কৰে। সিহঁতক বন্দী কৰা, সিহঁতৰ সম্পদ কাঢ়ি লোৱা আৰু সিহঁতক দেশান্তৰ কৰাটো ইয়াৰ উদ্দেশ্য নহয়।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية