1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।

عَنْ أَبِي شُرَيْحٍ رضي الله عنه أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«وَاللَّهِ لاَ يُؤْمِنُ، وَاللَّهِ لاَ يُؤْمِنُ، وَاللَّهِ لاَ يُؤْمِنُ»، قِيلَ: وَمَنْ يَا رَسُولَ اللَّهِ؟ قَالَ: «الَّذِي لاَ يَأْمَنُ جَارُهُ بَوَايِقَهُ».

আবু শ্বুৰাইহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল কোন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ "যাৰ অনিষ্টৰ পৰা তাৰ প্ৰতিৱেশী সুৰক্ষিত নহয়।"

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 6016

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত শপত খাইছে, আৰু গুৰুত্ব প্ৰদান কৰিবলৈ তিনিবাৰকৈ শপত খাইছে। তেখেতে কৈছেঃ আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়। এই শুনি চাহাবাসকলে প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল, কোনজন ব্যক্তি মুমিন নহয়? তেখেতে ক'লেঃ যাৰ ভয়ত তথা অনিষ্টত আৰু অন্যায়-অত্যাচাৰত তাৰ প্ৰতিৱেশী শান্তিত থাকিব নোৱাৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যাৰ অনিষ্টৰ পৰা তথা অন্যায়-অত্যাচাৰৰ পৰা তাৰ প্ৰতিৱেশী শান্তিত থাকিব নোৱাৰে, তেনেকুৱা ব্যক্তিৰ ঈমান নাই বুলি হাদীছটোত কোৱা হৈছে। ই প্ৰমাণ কৰে যে, এইটো হৈছে এটা কবীৰাহ গুনাহ। গতিকে যিয়ে এনেকুৱা কৰ্ম কৰে সি ত্ৰুটিযুক্ত ঈমানৰ অধিকাৰী।
  2. প্ৰতিৱেশীৰ সৈতে সদাচৰণ কৰিবলৈ আৰু কথাৰ জৰিয়তেই হওক বা কৰ্মৰ জৰিয়তে সকলো ধৰণৰ অনিষ্টৰ পৰা বিৰত থাকিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।

অনুবাদ চাওক

41 ভাষা
EN English ইংৰাজী
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية