1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিছিল। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।

عن ابن عمر رضي الله عنهما قال: قال رسول الله صلى الله عليه وسلم:
«مَا زَالَ يُوصِينِي جِبْرِيلُ بِالْجَارِ، حَتَّى ظَنَنْتُ أَنَّهُ سَيُوَرِّثُهُ».

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিছিল। এটা সময়ত মই ধাৰণা কৰিলোঁ যে, তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 6014

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জিব্ৰীল আলাইহিচ্ছালামে তেখেতক সদায় প্ৰতিৱেশীৰ প্ৰতি মনোযোগ দিবলৈ নিৰ্দেশ দিছিল, প্ৰতিৱেশী মুছলিম হওক বা অমুছলিম, আত্মীয় হওক বা অনাত্মীয়, সকলো প্ৰকাৰৰ প্ৰতিৱেশীৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ উপদেশ দিছিল আৰু কোনো প্ৰকাৰ কষ্ট দিবলৈ নিষেধ কৰিছিল। লগতে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল আৰু সিহঁতে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰিবলৈ কৈছিল। জিব্ৰীলৰ ফালৰ পৰা প্ৰতিৱেশীৰ বিষয়ে বাৰে বাৰে এনেকুৱা উপদেশ পোৱাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে অনুভৱ কৰিছিল যে, শীঘ্ৰেই হয়তো জিব্ৰীলে প্ৰতিৱেশীক ওৱাৰিছ বনোৱাৰ বিষয়ে কোনো অহী লৈ অৱতৰণ কৰিব, যাৰ ফলত মৃত্যুৰ পিছত প্ৰতিৱেশীয়েও ওৱাৰিছ হোৱাৰ অধিকাৰ লাভ কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. প্ৰতিৱেশীৰ অধিকাৰৰ গুৰুত্ব আৰু সেয়া পালন কৰা অনিবাৰ্য।
  2. প্রতিৱেশীৰ অধিকাৰকলৈ গুৰুত্ব সহকাৰে উপদেশ দিয়াৰ উদ্দেশ্য হৈছে, তাৰ প্রতি সদাচৰণ কৰা, মুহাব্বত কৰা আৰু তাক সন্মান কৰা, বিপদ-আপদত সহায় কৰা, অসুস্থ হ’লে খা-খবৰ লোৱা, তাৰ আনন্দত শুভেচ্ছা জ্ঞাপন কৰা, আৰু শোকৰ সময়ত সমবেদনা জ্ঞাপন কৰা প্ৰতিজন প্ৰতিৱেশীৰে কৰ্তব্য।
  3. প্ৰতিৱেশী যিমানেই ওচৰৰ হ'ব, তাৰ অধিকাৰ সিমানেই গুৰুত্বপূৰ্ণ।
  4. চৰীয়তৰ পৰিপূৰ্ণতাৰ প্ৰমাণ, কাৰণ ইয়াৰ ভিতৰত আছে সমাজ সংস্কাৰৰ যাৱতীয় বিষয়, প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰা আৰু সিহঁতক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰা আদি সকলো বিষয়।

অনুবাদ চাওক

68 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
EL Ελληνικά اليونانية
AK Akan الأكانية
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
LN Lingala اللينجالا
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
RN Kirundi الكيروندي
YAO Yao الياو
KMR Kurmancî الكرمنجية