عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا يَشْكُرُ اللَّهَ مَنْ لَا يَشْكُرُ النَّاسَ»

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে মানুহৰ কৃতজ্ঞতা প্ৰকাশ নকৰে, সি আল্লাহৰো কৃতজ্ঞতা প্ৰকাশ নকৰে।"

ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ) ছুনান আবি দাঊদ - 4811

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে মানুহৰ প্ৰতি তেওঁলোকৰ সৎকৰ্ম আৰু দয়াৰ বিপৰীতে কৃতজ্ঞতা প্ৰকাশ নকৰে, সেই ব্যক্তিয়ে সাধাৰণতে আল্লাহৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ নকৰে। কাৰণ এই দুয়োটা বিষয় এটা আনটোৰ সৈতে সংযুক্ত। কাৰণ মানুহে কৰা অনুগ্ৰহৰ প্ৰতি অকৃতজ্ঞ হোৱা তথা কৃতজ্ঞতা প্ৰকাশ নকৰাটো হৈছে সেই ব্যক্তিৰ স্বভাৱ তথা অভ্যাস। সেয়ে এনেকুৱা অভ্যাস থকা ব্যক্তিয়ে সাধাৰণতে আল্লাহৰ নিয়ামতৰো কৃতজ্ঞতা প্ৰকাশ নকৰে তথা অৱহেলা কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. উপকাৰৰ বিপৰীতে মানুহৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ গুৰুত্ব।
  2. প্ৰকৃত অনুগ্ৰহকাৰী হৈছে মহান আল্লাহ, মখলুক্বসকল হৈছে কেৱল মাধ্যম। আল্লাহে যাক ইচ্ছা কৰে সেই অনুপাতে কামত লগায়। সেয়ে মানুহৰ কৃতজ্ঞতা প্ৰকাশ কৰাটো হৈছে দৰাচলতে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ অন্তৰ্ভুক্ত।
  3. মানুহে কৰা উপকাৰৰ বিপৰীতে কৃতজ্ঞতা প্ৰকাশ কৰাটো হৈছে উত্তম চৰিত্ৰৰ প্ৰমাণ।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية