1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।

عَنْ سَعْدٍ رَضِيَ اللَّهُ عَنْهُ قَالَ:
كُنْتُ أَرَى رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُسَلِّمُ عَنْ يَمِينِهِ، وَعَنْ يَسَارِهِ، حَتَّى أَرَى بَيَاضَ خَدِّهِ.

ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 582

ব্যাখ্যা

হাদীছটোত ছাআদ ইবনে আবী অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া নামাজৰ ছালাম ফিৰাইছিল, তেখেত ইমান পৰিমাণ সোঁফালে মুখ ঘূৰাইছিল যে, মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ, এইদৰে তেখেতে যেতিয়া বাওঁফালে মুখ ঘূৰাইছিল তেতিয়া মই তেখেতৰ গালৰ শুভ্ৰতা দেখিছিলোঁ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱাৰ সময়ত বেছিকৈ মূৰ ঘূৰাই দিয়াটো চৰীয়তসন্মত।
  2. দুয়োফালে ছালাম ফিৰাব লাগে, সোঁফালে আৰু বাওঁফালে।
  3. নাৱাৱীয়ে কৈছেঃ যদি কোনোবাই সোঁফালেই দুবাৰ ছালাম ফিৰায়, অথবা কেৱল বাওঁফালে দুবাৰ ছালাম ফিৰায়, নাইবা সন্মুখৰ ফালে মুখ কৰিয়ে দুবাৰ ছালাম দিয়ে, তথাপিও তাৰ নামাজ সঠিক হ'ব, আৰু দুয়োটা ছালামেই সঠিক বুলি বিবেচিত হ'ব। কিন্তু ইয়াৰ ফলত সেই ছালামৰ পদ্ধতিৰ ছোৱাব হ্ৰাস হ'ব।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية