1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।

عَنِ ابْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا قَالَ:
فَرَضَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ زَكَاةَ الفِطْرِ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ شَعِيرٍ، عَلَى العَبْدِ وَالحُرِّ، وَالذَّكَرِ وَالأُنْثَى، وَالصَّغِيرِ وَالكَبِيرِ مِنَ المُسْلِمِينَ، وَأَمَرَ بِهَا أَنْ تُؤَدَّى قَبْلَ خُرُوجِ النَّاسِ إِلَى الصَّلاَةِ.

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 1503

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য কৰিছে। ইয়াৰ পৰিমাণ হৈছে এক ছা, অৰ্থাৎ চাৰি মুদ্দ। মুদ্দ কোৱা হয়ঃ এজন মধ্যম পৰ্যায়ৰ সাধাৰণ লোকৰ দুয়ো হাত একেলগ কৰি পোৱা আয়তনক। এই ফিতৰা আদায় কৰিব লাগে প্ৰতিজন মুছলিমৰ ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন, পুৰুষ হওক বা নাৰী, সৰু হওক বা ডাঙৰ। নিজৰ আৰু পৰিয়ালৰ বাবে এদিন আৰু এক ৰাতি অতিবাহিত কৰিব পৰা খাদ্যৰ অতিৰিক্ত থাকিলেই সেই ব্যক্তিয়ে ফিতৰা আদায় কৰিব লাগে। মানুহে ঈদৰ নামাজৰ বাবে ওলাই যোৱাৰ পূৰ্বেই এই ফিতৰা আদায় দিব লাগে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰমাজানৰ শেষত ফিতৰা আদায় কৰাটো অনিবাৰ্য্য প্ৰতিজন মুছলিম ব্যক্তিৰ ফালৰ পৰা, সৰু হওক বা ডাঙৰ, দাস হওক বা স্বাধীন ব্যক্তি। এয়া আদায় কৰিব পৰিয়ালৰ মুৰব্বীয়ে আৰু দাসৰ মালিকে। প্ৰত্যেক দায়িত্বশীল ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালী তথা পৰিয়ালৰ ফালৰ পৰা আৰু প্ৰত্যেক সেই ব্যক্তিৰ ফালৰ পৰা আদায় কৰিব যাৰ ভৰণ-পোষণৰ দায়িত্ব তাৰ ওপৰত আছে।
  2. গৰ্ভত থকা সন্তানৰ ফালৰ পৰা ফিতৰা আদায় কৰাটো ওৱাজিব নহয়, বৰং মুস্তাহাব।
  3. ফিতৰাৰ বৰ্ণনা দিয়া হৈছে যে, মানুহৰ সাধাৰণ খাদ্যৰ দ্বাৰা এইটো আদায় দিব লাগে।
  4. ঈদৰ নামাজৰ আগতে ফিতৰা আদায় কৰা ওৱাজিব। ঈদৰ দিনা ৰাতিপুৱা আদায় কৰাটো বেছি উত্তম। আনহাতে ঈদৰ এদিন অথবা দুদিন আগত আদায় কৰিলেও কোনো অসুবিধা নাই।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية