عن النعمان بن بَشِير رضي الله عنه قال: سمعت النبيَّ صلى الله عليه وسلم يقول:
«الدُّعَاءُ هُوَ الْعِبَادَةُ»، ثُمَّ قَرَأَ: «{وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ} [غافر: 60]».

নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
“দু’আই হৈছে ইবাদত।” ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: {وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ} [غافر: 60]». “আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।” [ছুৰা গাফিৰ, আয়াত: ৬০]

ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ) ছুনান তিৰমিজী - 3247

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, দু‘আই হৈছে ইবাদত। গতিকে সকলো ক্ষেত্ৰতে ইখলাচ অৱলম্বন কৰা অনিবাৰ্য। সহায়-সহযোগিতা কামনা কৰি দুআ কৰাৰ ক্ষেত্রতে হওক, যেনে আল্লাহৰ ওচৰত উপকাৰী কোনো বস্তু বিচৰা, দুনিয়া আৰু আখিৰাতৰ অকল্যাণৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা আদি। অথবা ইবাদতৰ উদ্দেশ্যে কৰা দু‘আই হওক, প্ৰত্যেক সেই কৰ্ম ইয়াৰ অন্তৰ্ভুক্ত যিটোক আল্লাহে ভালপায় তথা পছন্দ কৰে, সেয়া প্রকাশ্য হওক বা অপ্রকাশ্য, কথা হওক বা কৰ্ম, অন্তৰৰ ইবাদত হওক বা শাৰীৰিক ইবাদত নাইবা আৰ্থিক ইবাদত ইত্যাদি।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ সপক্ষে এই দলীল উত্থাপন কৰিছে, মহান আল্লাহে কৈছেঃ "তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব।"

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. দুআ হৈছে ইবাদতৰ মূল। গতিকে আল্লাহৰ বাহিৰে আন কাৰো ওচৰত দুআ কৰা বৈধ নহয়।
  2. ইবাদতৰ বাস্তৱিকতা দু‘আৰ ভিতৰতেই নিহিত, কাৰণ ইয়াৰ দ্বাৰা মহান আল্লাহৰ ক্ষমতা আৰু অমুখাপেক্ষীতাক স্বীকাৰ কৰা হয়, লগতে এই কথা স্বীকাৰ কৰা হয় যে, বান্দা সদায় আল্লাহৰ মুখাপেক্ষী।
  3. অহংকাৰ কৰি আল্লাহৰ ইবাদত পৰিত্যাগ কৰা আৰু তেওঁৰ ওচৰত কৰিবলগীয়া দু‘আ বৰ্জন কৰাৰ বিষয়ে কঠোৰ সতৰ্কবাণী দিয়া হৈছে যে, নিশ্চয় যিসকলে অহংকাৰ কৰি আল্লাহৰ ইবাদতৰ পৰা বিমুখ হ'ব, সিহঁত অচিৰেই লাঞ্ছিত অৱস্থাত জাহান্নামত প্রৱেশ কৰিব।

অনুবাদ চাওক

67 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
EL Ελληνικά اليونانية
AK Akan الأكانية
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
LN Lingala اللينجالا
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
RN Kirundi الكيروندي
YAO Yao الياو
KMR Kurmancî الكرمنجية