1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।

عَنْ أَبِي الدَّرْدَاءِ رضي الله عنه: سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«إِنَّ اللَّعَّانِينَ لَا يَكُونُونَ شُهَدَاءَ وَلَا شُفَعَاءَ يَوْمَ الْقِيَامَةِ».

আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2598

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে এনেকুৱা লোকক বেছি অভিশাপ কৰে যিজন অভিশাপৰ যোগ্য নহয়, তেনেকুৱা লোক হৈছে দুটা শাস্তিৰ উপযুক্ত। প্ৰথমঃ ৰাছুলসকলে নিজৰ নিজৰ উম্মতক পৌঁচাই দিয়া ৰিছালতৰ সপক্ষে কিয়ামতৰ দিনা যি সাক্ষ্য গ্ৰহণ কৰা হ'ব সেইদিনা এনেকুৱা লোকে সাক্ষ্য দিব নোৱাৰিব, আনকি পৃথিৱীতো এনেকুৱা লোকৰ সাক্ষ্য গ্ৰহণ কৰিব নালাগে। কাৰণ এনেকুৱা লোক পাপকৰ্মত লিপ্ত। লগতে আল্লাহৰ পথত শ্বহীদৰ মৰ্যাদাও লাভ নকৰিব। দ্বিতীয়ঃ কিয়ামতৰ দিনা মুমিনসকলে যেতিয়া জাহান্নামী হোৱা লোকৰ হৈ শ্বাফাআত কৰিব, তেতিয়া এই লোকসকলক সেই শ্বাফাআত কৰাৰ অধিকাৰো দিয়া নহ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. অভিশাপ কৰা হাৰাম, আনকি অত্যাধিক অভিশাপ কৰাটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ।
  2. হাদীছটোত যি শাস্তিৰ কথা কোৱা হৈছে, সেইটো হৈছে সেই ব্যক্তিৰ ক্ষেত্ৰত যিয়ে অধিক অভিশাপ কৰে, কেৱল এবাৰ দুবাৰ কৰা ব্যক্তি ইয়াৰ অন্তৰ্ভুক্ত নহয়। লগতে বৈধ অভিশাপ এই বিধানৰ অন্তৰ্গত নহয়। উদাহৰণস্বৰূপে চৰীয়তে যিসকল বেয়া চৰিত্ৰৰ অধিকাৰী লোকক অভিশাপ কৰিছে কোনো ব্যক্তিক নিৰ্দিষ্ট নকৰাকৈ, যেনে কোৱা হৈছেঃ "ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ প্ৰতি আল্লাহৰ অভিসম্পাত হওক।" "অন্যায়কাৰীসকলৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "ছবি অংকনকাৰীসকলৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "লুত সম্প্ৰদায়ৰ দৰে ঘৃণনীয় কৰ্মত লিপ্ত লোকৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা লোকৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "পুৰুষসকলৰ পোছাক পৰিধান কৰা নাৰীৰ ওপৰত আৰু নাৰীসকলৰ পোছাক পৰিধান কৰা পুৰুষসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।"
  3. এই কথাৰ প্ৰমান পোৱা গ'ল যে, কিয়ামতৰ দিনা মুমিনসকলেও শ্বাফাআত কৰাৰ সুযোগ লাভ কৰিব।

অনুবাদ চাওক

45 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية