1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ হে বালক! প্ৰথমে বিছমিল্লাহ কোৱা, আৰু সোঁ হাতেৰে খোৱা, লগতে নিজৰ ওচৰৰ পৰা খোৱা।

عن عُمر بن أبي سلمة رضي الله عنه قال:
كُنْتُ غُلَامًا فِي حَجْرِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَكَانَتْ يَدِي تَطِيشُ فِي الصَّحْفَةِ، فَقَالَ لِي رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «يَا غُلَامُ، سَمِّ اللهَ، وَكُلْ بِيَمِينِكَ، وَكُلْ مِمَّا يَلِيكَ» فَمَا زَالَتْ تِلْكَ طِعْمَتِي بَعْدُ.

ওমৰ বিন আবু ছালামাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ
মই বালক অৱস্থাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তত্ত্বাৱধানত আছিলোঁ। খোৱাৰ সময়ত মোৰ হাত প্লেটৰ মাজত দৌৰি ফুৰিছিল, অৰ্থাৎ মই কেতিয়াবা প্লেটৰ ইফালৰ পৰা কিবা লৈছিলোঁ আকৌ কেতিয়াবা সিফালৰ পৰা লৈ খাইছিলোঁ। এই দেখি তেখেতে মোক ক'লেঃ "হে বালক! প্ৰথমে বিছমিল্লাহ কোৱা, আৰু সোঁ হাতেৰে খোৱা, লগতে নিজৰ ওচৰৰ পৰা খোৱা।" ইয়াৰ পিছৰ পৰা এইটোৱে আছিল মোৰ খোৱাৰ পদ্ধতি।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 5376

ব্যাখ্যা

ওমৰ ইবনু আবু ছালামাহ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মে ছালামাহ ৰাদ্বিয়াল্লাহু আনহাৰ পুত্ৰ। তেওঁৰ ভৰণ-পোষণৰ দায়িত্ব আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অধীনত। তেওঁ হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল তেতিয়া খোৱাৰ সময়ত হাত প্লেটৰ ইফালে সিফালে ঘূৰাইছিল, কেতিয়াবা ইফালৰ পৰা লৈ খাইছিল আকৌ কেতিয়াবা সিফালৰ পৰা লৈ খাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক খোৱাৰ তিনিটা নিয়ম শিকাই দিছিল।
প্ৰথটো হৈছেঃ খোৱা আৰম্ভ কৰাৰ আগত "বিছমিল্লাহ" বুলি কোৱা।
দ্বিতীয়টো হৈছে, সোঁহাতেৰে খোৱা।
তৃতীয়টো হৈছে, নিজৰ কাষৰ পৰা তথা এফালৰ পৰা খাদ্য তুলি খোৱা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পানাহাৰৰ আদাবসমূহৰ অন্যতম এটা আদব হৈছে, পানাহাৰৰ পূৰ্বে বিছমিল্লাহ কোৱা।
  2. শিশুসকলক নিয়ম-কানুন শিকোৱা উচিত। বিশেষকৈ অধীনস্থ শিশুসকলক।
  3. শিশুসকলক নিয়ম-নীতি শিকোৱাৰ ক্ষেত্ৰত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দয়ালু আৰু অতি প্ৰশস্ত হৃদয়ৱান ব্যক্তি আছিল।
  4. খোৱা-বোৱাৰ অন্যতম এটা নীতি হৈছে নিজৰ ওচৰৰ পৰা খোৱা, কিন্তু যদি প্লেট বা টেবুলত বিভিন্ন পদৰ খাদ্য থাকে তেন্তে সেইবোৰ লোৱাত কোনো অসুবিধা নাই।
  5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিকোৱা নিয়ম-নীতিবোৰ চাহাবাসকলে গুৰুত্ব সহকাৰে পালন কৰিছিল। এইটো বুজা গ'ল ওমৰৰ এই কথাৰ দ্বাৰা, তেওঁ কৈছেঃ ইয়াৰ পিছৰ পৰা এইটোৱে আছিল মোৰ খোৱাৰ পদ্ধতি।

অনুবাদ চাওক

61 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية