عَنْ أَبِي بَكْرَةَ رَضِيَ اللهُ عَنْهُ أَنَّهُ سَمِعَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«لَنْ يُفْلِحَ قَوْمٌ وَلَّوْا أَمْرَهُمُ امْرَأَةً».

আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
সেই সম্প্ৰদায় কেতিয়াও সফল হ'ব নোৱাৰে, যিয়ে নিজৰ শাসনভাৰ এজনী নাৰীৰ হাতত অৰ্পণ কৰে।

ছহীহ (বুখাৰী) ছহীহ বুখাৰী - 4425

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যেতিয়া কোনো জাতিয়ে নিজৰ শাসনৰ দায়িত্ব কোনো নাৰীৰ হাতত অৰ্পণ কৰে, সেয়া ৰাষ্ট্ৰ প্ৰধান হওক অথবা কোনো প্ৰদেশ অথবা কোনো অঞ্চলৰ প্ৰধান নাইবা কোনো মন্ত্ৰণালয়ৰ মন্ত্ৰী, সেই সম্প্ৰদায় কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নাৰীসকলে শাসনৰ গুৰু দায়িত্ব অথবা ন্যায়ালয়ৰ বিচাৰপতি আদি ব্যাপক ক্ষেত্ৰসমূহৰ প্ৰধান ব্যক্তি হ'ব নোৱাৰে। ইয়াৰ বাহিৰে বিশেষ দায়িত্ব যেনে- অকফ সম্পত্তি চোৱাচিতাৰ দায়িত্ব, অনাথ ফাউণ্ডেচনৰ প্ৰধান, স্কুল কলেজ আদিৰ গুৰু দায়িত্ব পালনত কোনো বাধা নাই।
  2. ইয়াত নাৰীসকলৰ সৃষ্টিগত দুৰ্বলতা আৰু সীমাবদ্ধ দক্ষতাৰ বিষয়টো স্পষ্ট কৰা হৈছে। ফলত তেওঁলোকে পুৰুষৰ সৈতে সাধাৰণ পদৱীসমূহ অধিষ্টিত হ'ব নোৱাৰে। এনেকুৱা পদত নাৰীসকলক অধিষ্ঠিত কৰাৰ অৰ্থ হৈছে ব্যৰ্থতাৰ কাৰণ।
  3. মহান আল্লাহে নাৰীসকলক সৃষ্টিগতভাৱে পুৰুষসকলতকৈ পৃথক স্বভাৱেৰে সৃষ্টি কৰিছে। কিছুমান কাম এনেকুৱা আছে যিবোৰ নাৰীৰ স্বভাৱগত বৈশিষ্ট্যৰ কাৰণে সিহঁতৰ বাবে উপযুক্ত নহয়। এইদৰে কিছুমান কাম এনেকুৱা আছে যিবোৰ পুৰুষৰ বাবে উপযুক্ত নহয়, যিবোৰ কেৱল নাৰীৰ বাবেহে প্ৰযোজ্য।
  4. নেতিবাচক সফলতাঃ অৰ্থাৎ ব্যৰ্থতা বোলোঁতে চৰীয়তি পৰিভাষাত সেইটোক বুজোৱা হৈছে যিটো দুনিয়া আৰু আখিৰাতৰ কল্যাণৰ সৈতে জৰিত। কোনো ৰাষ্ট্ৰ বা চৰকাৰৰ বাহ্যিক উন্নতি বা সমৃদ্ধিয়ে কেতিয়াও এইটো প্ৰমাণ নকৰে যে, সেই ৰাষ্ট্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিছে। যিসকলে আল্লাহৰ আনুগত্যত নাই, সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে। যদিও দুনিয়াৱী দৃষ্টিত সিহঁতৰ অৱস্থা যিমানে উন্নত আৰু সমৃদ্ধশালী নহওক কিয়।
  5. হাদীছটোত নাৰীসকলক কোনো ধৰণৰ অৱমূল্যায়ন কৰা হোৱা নাই। বৰং নাৰীসকলৰ সামৰ্থ্য আৰু সক্ষমতাক যথাযথ আৰু উপযুক্ত পথত পৰিচালিত কৰাৰ নিৰ্দেশনা দিয়া হৈছে।

অনুবাদ চাওক

31 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية