1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আল্লাহৰ প্ৰতি আহ্বান আৰু সংস্কাৰমূলক বিষয়

হাদীছ ‘আমি ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, সুখে-দুখে, পছন্দ অপছন্দ সকলো ক্ষেত্ৰতে আৰু আমাৰ ওপৰত (আনক) প্রাধান্য দিয়াৰ ক্ষেত্ৰতো আমি তেখেতৰ পূৰ্ণ আনুগত্য কৰিম

عن عُبَادَةَ بن الصَّامتِ رضي الله عنه قال:
بَايَعْنَا رسولَ اللهِ صلى الله عليه وسلم على السَّمْعِ وَالطَّاعَةِ فِي الْعُسْرِ وَالْيُسْرِ، وَالْمَنْشَطِ وَالْمَكْرَهِ، وعلى أَثَرَةٍ علينا، وعلى أَلَّا نُنَازِعَ الْأَمْرَ أهلَه، وعلى أَنْ نَقُولَ بِالْحَقِّ أينما كُنَّا، لا نَخَافُ في الله لَوْمَةَ لَائِمٍ.

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
‘আমি ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, সুখে-দুখে, পছন্দ অপছন্দ সকলো ক্ষেত্ৰতে আৰু আমাৰ ওপৰত (আনক) প্রাধান্য দিয়াৰ ক্ষেত্ৰতো আমি তেখেতৰ পূৰ্ণ আনুগত্য কৰিম। লগতে ৰাষ্ট্র নেতাৰ ক্ষমতা হৰণ কৰিবলৈ আমি তেওঁৰ বিৰুদ্ধে কেতিয়াও যুদ্ধ নকৰোঁ ; কিন্তু যদি তেওঁৰ মাজত প্রকাশ্য কুফৰী দেখা পাওঁ সেয়া সুকীয়া বিষয়। এইদৰে আমি সদায় সত্য কথা কম, লগতে আমি আল্লাহৰ বিষয়ে কোনো নিন্দাকাৰীৰ নিন্দাক ভয় নকৰোঁ।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ মুছলিম - 1709

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ পৰা এই বিষয়ত বাইআত লৈছে যে, স্বাভাৱিক সময়তো আৰু কঠিন সময়তো, লগতে স্বচ্ছল অৱস্থাতো আৰু অভাৱ-অনাটনৰ সময়তো ৰাষ্ট্ৰনেতা তথা প্ৰশাসনৰ আনুগত্য কৰিব লাগিব। যদিও তেওঁলোকৰ আদেশ-নিষেধ পছন্দ হওক বা নহওক। যদিও শাসকসকলে ৰাজহুৱা সম্পদ, পদ বা আন কোনো ধৰণৰ বস্তু দখল কৰি লয়। তেওঁলোকৰ প্ৰতিটো সঠিক নিৰ্দেশনা মানি লোৱা অনিবাৰ্য। তেওঁলোকৰ বিৰুদ্ধে কাজিয়া কৰা উচিত নহয়, কাৰণ শাসকৰ বিৰুদ্ধে কৰা কাজিয়াৰ পৰিণতি অতি ভয়াৱহ, ইয়াৰ ক্ষতিৰ পৰিমাণ আটাইতকৈ ডাঙৰ। তেওঁলোকে এই ক্ষেত্ৰতো বাইআত লৈছিল যে, তেওঁলোকে আল্লাহৰ উদ্দেশ্য নিষ্ঠা সহকাৰে সকলো সময়তে উচিত তথা হক কথা ক'ব, এই ক্ষেত্ৰত তেওঁলোকে কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনাক কেৰেপ নকৰিব তথা ভয় নকৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শাসকৰ আনুগত্যক অনিবাৰ্য কৰাৰ উদ্দেশ্য হৈছে মুছলিমসকলক এটা প্লেটফৰ্মত একত্ৰিত কৰা আৰু বহুধাবিভক্তিৰ পৰা ৰক্ষা কৰা।
  2. আল্লাহৰ অবাধ্যতা নোহোৱাকৈ সুখে দুখে, পছন্দ অপছন্দ আদি সকলো ক্ষেত্ৰতে ৰাষ্ট্ৰনেতাৰ আনুগত্য কৰা অনিবাৰ্য। আনকি সিহঁতে যদি ৰাজহুৱা সম্পত্তিত প্ৰজাতকৈ নিজকে প্ৰাধান্য দিয়ে তথাপিও আনুগত্য কৰা ওৱাজিব।
  3. কোনো ভয়-ভ্ৰূক্ষেপ নকৰাকৈ আমি য'তেই নাথাকো কিয় সদায় সত্য কথা কোৱা ওৱাজিব।

অনুবাদ চাওক

62 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية