1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।

عَنْ عَبْدَ اللهِ بْنِ عَمْرٍو رَضيَ اللهُ عَنْهُمَا يَقُولُ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ لَقِيَ اللهَ لَا يُشْرِكُ بِهِ شَيْئًا لَمْ تَضُرَّهُ مَعَهُ خَطِيئَةٌ، وَمَنْ مَاتَ وَهُوَ يُشْرِكُ بِهِ لَمْ يَنْفَعْهُ مَعَهُ حَسَنَةٌ».

আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।"

ছহীহ (আহমদ) মুছনাদ আহমদ - 6586

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যি ব্যক্তিয়ে তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰিব, আৰু আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰাকৈ তেওঁক সাক্ষাৎ কৰিব, সেই ব্যক্তি হৈছে জান্নাতী, যদিও তেওঁ নিজৰ কিছু গুনাহৰ বাবে জাহান্নামত শাস্তি পাবলগীয়া হয়। পক্ষান্তৰে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিব, তেনেকুৱা ব্যক্তিৰ কোনো নেক আমলেই উপকাৰ নকৰিব। তাৰ ওপৰত জান্নাত হাৰাম।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শ্বিৰ্কৰ পৰা সতৰ্ক কৰা হৈছে। কাৰণ শ্বিৰ্ক হৈছে আটাইতকৈ মহাপাপ। (তাওবা নোহোৱাকৈ) মহান আল্লাহে এই গুনাহ কেতিয়াও ক্ষমা নকৰে।
  2. হাদীছটোত তাওহীদৰ ফজীলত উল্লেখ হৈছে, কিয়নো এইটো হৈছে জান্নাত অৰ্জনৰ মাধ্যম। যদিও শাস্তি ভোগ কৰাৰ পিছতে নহওক কিয়।
  3. মৃত্যু পৰ্যন্ত তাওহীদৰ ওপৰত অটল থকাৰ গুৰুত্ব। লগতে ইয়াৰ পৰিপন্থী কৰ্মৰ পৰা তথা শ্বিৰ্ক আদিৰ পৰা দূৰত্ব অৱলম্বন কৰা জৰুৰী।

অনুবাদ চাওক

29 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TH ไทย থাই
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
HU Magyar হাংগেৰী
KN ಕನ್ನಡ কান্নাড়া
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية